“পোৱালী অাছে গাড়ীৰ ভিতৰত ” – child abductor ?? দুটামান চকলেট যেতিয়া মৃত্যুবান হয়..

0
7100
dokmokaincident
“পোৱালী অাছে গাড়ীৰ ভিতৰত ” (There is a kid inside the car) — এটা মাত্ৰ চিঁঞৰ | এয়াই যেন অাৰম্ভণি | লগে লগে হিংস্ৰ জনতাৰ কোলাহল ,সুধিবলৈ,শুনিবলৈ যেন কাৰো সময় নাই !

অভিজিৎ অাৰু  নিলোৎপলৰ অাৰ্তনাদ কাৰো কাণত নপৰিল। “মই অসমীয়া ,মোক নামাৰিব “ , গাড়ীৰ ভিতৰত মিছাতে সৰু ল’ৰা-ছোৱালী অাছে , চকলেট দি ফুচুলাই অানিছে বুলি ভিত্তিহীন মানসিকতাৰে সোপাধৰাৰ “child abductor” অপবাদ দি অমানুষিক কাণ্ড সংঘটিত কৰিলে কাৰ্বি অাংলঙৰ ডকমকা অঞ্চলৰ পানজুৰি কছাৰী গাঁৱত

ভুৱা বাতৰি তৎক্ষণাত বিয়পি পৰাত অগণন মানুহে অাগুৰি ধৰি মৰিয়াই মৰিয়াই হত্যা কৰিলে গুৱাহাটীৰ অাৰ্টিষ্ট দুজনক |

When ‘Chocolates’ turned fatal  দুটামান চকলেট যেতিয়া মৃত্যুবান হয়, জীয়াই থকাটো হৈ পৰিল অসাৰ :
  সোপাধৰাৰ সন্দেহত স্থানীয় ৰাইজৰ চিঞঁৰ-বাখৰ শুনি কাষৰীয়া গাঁৱৰ মানুহ অাহি সহযোগ দিছিলহি নাৰকীয় কাণ্ড কৰাত | সোপাধৰা বুলি ফোনকল ,মেছেজ আৰু ছচিয়েল মিডিয়াত অপ-প্ৰচাৰ হোৱাৰ পাছতে যুৱক দুজনক প্ৰহাৰ কৰিবলৈ ধৰে অাৰু হিংস্ৰ জনতাৰ প্ৰহাৰত অতি কৰুণভাৱে মৃত্যুক অাঁকোৱালি ল’বলগীয়া হয় অভিজিৎ অাৰু নিলোৎপলে |

 

  • Misuse Of Social Media :কাৰ্বি আংলঙৰ ডকমকাৰ পাঞ্জুৰী নামৰ গাঁৱত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই প্ৰতিয়ন গৈ একাংশ লোকে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত তীক্ষ্ন নজৰ দিয়া পৰিলক্ষিত হৈছে৷

ভুৱা বাতৰিত ভোল নগৈ ছ’ছিয়েল মিডিয়াত পোৱা যিকোনো খবৰ প্ৰচাৰৰ পূৰ্বে সত্য সত্যতা পৰীক্ষা কৰিবলৈ  ছচিয়েল মিডিয়াত সক্ৰিয় লোকক আহ্বান জনায়।

Share it on

Leave a Reply