কাউণ্ট ডাউন শেষ ! কাইলৈৰ পৰা আৰম্ভ হ’ব ফুটবলৰ মহাৰণ

0
303
FIFAWorldcup

কাউণ্ট ডাউন শেষ। কাইলৈৰ পৰা আৰম্ভ হ’ব ফুটবলৰ মহাৰণ : এমাহ ধৰি পদশিল্পীৰ যাদুৱে মোহাচ্ছন্ন কৰিব বিশ্বৰ ফুটবল অনুৰাগীক। কাইলৈ ছৌদি আৰব আৰু আয়োজক ৰাছিয়াৰ মাজত হ’বলগীয়া উদ্বোধনী মেচৰে বৰ্ণিল শুভাৰম্ভ হ’ব ফিফা বিশ্বকাপৰ।

৩২ খন দেশৰ মাজত বিশ্বকাপ দখলৰ যুঁজ : পদশিল্পীৰ যাদুৱে এমাহ ধৰি মোহাচ্ছন্ন কৰিব অনুৰাগীক | কাইলৈৰ উদ্বোধনী মেচত ৰাছিয়া-ছৌদি আৰব | আধা ঘণ্টাৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰিত ব্ৰাজিলৰ ৰ’নাল্ডো | ৰবী উইলিয়ামছৰ সংগীতে উত্তাল কৰিব উদ্বোধনী অনুষ্ঠান | ৰাছিয়াত সমবেত লক্ষাধিক বিদেশী দৰ্শক |

ৰাছিয়াৰ চহৰ নগৰ প্ৰায় এমাহ ধৰি ফুটবল উন্মাদনাত নিমজ্জিত হৈ থাকিব। সুসজ্জিত মস্কোৰ লুজনিকি ষ্টেডিয়ামত ১৪ জুনৰ নিশা বিশ্ববাসী সাক্ষী হৈ ৰ’ব ফুটবল ইতিহাসৰ আন এক স্বৰ্ণিল যাত্ৰাৰ।

বিশ্বৰ অন্য প্ৰান্তৰ লগতে অসমতো দেখা গৈছে ফুটবল উন্মাদনা: আই এছ এলৰ পাছতে এনেদৰে বিশ্বকাপক লৈ উদ্বাউল হৈ পৰা দেখিবলৈ পোৱা গৈছে অসমৰ ফুটবল প্ৰেমীসকলক। ক্ৰীড়া আড্ডাত সঘনাই চৰ্চিত হৈ আছে কোন হ’ব চেম্পিয়ন? মেছিৰ দেশ আৰ্জেণ্টিনা নে চাম্বাৰ দেশ ব্ৰাজিল। এই দুখনৰ উপৰিও আছে যোৱাবাৰৰ চেম্পিয়ন জাৰ্মানী, টিকি টাকা শৈলীৰে ২০১০ ত চেম্পিয়ন হোৱা স্পেইন আৰু পদশিল্পৰ যাদুকৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ দেশ পৰ্তুগাল।

ভাৰতীয় ফুটবল প্ৰেমীৰ লগতে অসম তথা উত্তৰ-পূববাসীয়ে এই মহাযুদ্ধত হৈ পৰিব নিজ নিজ পচন্দৰ আন এখন দেশৰ নাগৰিক। কোনোবাই যদি মেছি, কোনোবাই নেইমাৰ আৰু আন কোনোবাই ৰ’নাল্ডো। স্পেইন, জাৰ্মানীৰো আছে অলেখ সংখ্যক সমৰ্থক।

সি যি নহওক ফুটবল মহাযুদ্ধ বিশ্বকাপলৈ মাত্ৰ কেইটা মান ঘণ্টা বাকী থকা অৱস্থাত ফুটবল প্ৰিয় উত্তৰ-পূবৰ সমৰ্থকসকল অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে নিজ নিজ দলৰ কলাত্মক খেল উপভোগ কৰিবলৈ।

Share it on

Leave a Reply