বছৰৰ প্ৰথমটো বানৰ কৱলত হাহাকাৰ ৰাজ্যবাসী !

0
378
flood of assam

 Guwahati : বছৰৰ প্ৰথম বানে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে। গোলাঘাট জিলাৰ বোকাখাতত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা।বছৰৰ প্ৰথমটো বানৰ কৱলত পৰি হাহাকাৰ কৰিব লগা হৈছে কাজিৰঙা-বোকাখাত অঞ্চল ৰাইজ

নিশাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কহৰা নৈৰ পানী বাঢ়ি অহাৰ ফলত কাজিৰঙাৰ বহু গাঁও বুৰাই পেলায়৷ গাঁও সমূহৰ পথ সমূহ বুৰ যোৱাৰ লগতে কেইবাটাও পথ খহাই নিয়া বুলি জানিব পৰা গৈছে৷ যাতায়াতত ব্যাপক সমস্যাত পৰিছে ৰাইজ৷ ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে পানী বৈ যোৱাত ব্যাপক সমস্যাত পৰে পথচাৰী৷

অবিজ্ঞান সন্মত ভাৱে শ্লুইচ গেট নিৰ্মাণ কৰাৰ ফলত কহঁৰা নৈৰ বাঢ়নী পানীয়ে গাওঁ সমূহ বুৰাই পেলোৱাৰ অভিযোগ উত্থাপন কৰি মহকুমা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাইজে৷ এটি গ্ৰাম্য পথ খহাই নিয়া বুলিও জানিব পৰা গৈছে৷

বানৰ ফলত বিভিন্ন ঠাইত আবদ্ধ হৈ পৰা লোক সকলক উদ্ধাৰৰ বাবে চাৰিখন নাৱেৰে এছডিআৰএফ’ৰ দলে উদ্ধাৰ অভিযান চলাইছে।

আনহাতে হাইলাকান্দি জিলাৰ চাৰিখন গাঁও পঞ্চায়তৰ প্ৰায় ৮ হাজাৰ পৰিয়াল বানৰ কবলত পৰি জলবন্দী হৈ পৰিছে। কাটাখাল নৈৰ বানত হাইলাকান্দি–শিলচৰ গড়কাপ্তানী পথ বুৰ যোৱাত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। জিলাখনত উদ্ধাৰ অভিযানৰ বাবে এছডিআৰএফ’ৰ দল উপস্থিত হৈছে।

কৰিমগঞ্জতো কুশিয়াৰা, লংগাই আৰু ছিংলাৰ নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগতে বিপদ সীমাৰ ওপৰেৰে বৈছে লংগাই আৰু ছিংলা নৈৰ পানী। ইতিমধ্যে লংগাই নৈৰ বাঢ়নী পানীয়ে কৰিমগঞ্জৰ বিভিন্ন অঞ্চল বুৰাই পেলোৱাৰ লগতে পাথাৰকান্দিৰ ৮ নং ৰাষ্ট্ৰীয় ঘাইপথখনৰ ওপৰেদি বৈছে পানী।

আনহাতে স্থানীয় প্ৰশাসনে বোকাখাতৰ মাজেৰে পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সাময়িক ভাবে বন্ধ ৰাখে৷ ঘাইপথৰ ওপৰেৰে পানী হৈ থকাৰ ফলতেই গাড়ী-মটৰৰ যাতায়াত বন্ধ কৰে। ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে বহু গাড়ী-মটৰ।

Share it on

Leave a Reply