ইতিহাস প্ৰসিদ্ধ শিৱসাগৰত উদ্ধাৰ আহোম যুগৰ পৌৰাণিক যুদ্ধৰ আহিলা

0
253
artifacts

Guwahati : ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত আজিও সিঁচৰিত হৈ আছে বহু পৌৰাণিক সম্পদ৷

ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে। আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ।

বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ নাজিৰা বামুনপুখুৰী চাহ বাগিচাৰ ২৬ নম্বৰ চেক্টৰ বাগিচাৰ নলা খান্দি থাকোতে মাটিৰ তলৰ পৰা উলাল ১৭৯ খন জাঁঠি সদৃশ আহোম যুগৰ যুদ্ধ সামগ্ৰী৷

মাটিৰ তলৰ পৰা আহোম যুগৰ সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই পুনৰ আহোম যুগৰ ইতিহাস সোঁৱৰাই দিয়ে৷ নাজিৰা বামুণপুখুৰী চাহ বাগিছাত শ্ৰমিক সকলে এটা নলা খান্দি থাকোতে মাটিৰ তলৰ পৰা এখন এখন কৈ মুঠ ১৭৯ খন জাঁঠি উদ্ধাৰ কৰে৷

আহোম যুগৰ পৌৰাণিক যুদ্ধৰ আহিলা উদ্ধাৰ সমুহ উদ্ধাৰ কৰাৰ পাছত বাগিছাৰ কতৃপক্ষই উদ্ধাৰ হোৱা সামগ্ৰী সমূহৰ বিষয়ে প্ৰশাসনক অৱগ কৰাত নাজিৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সামগ্ৰীখিনি উদ্ধাৰ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে৷

Share it on

Leave a Reply