প্ৰসংগ সৰ্বানন্দ সোনোৱাল : কেঁচু খান্দুতে সাপ ওলাল নেকি অখিল গগৈৰ !

0
699
akhill gogoi

Guwahati : নাগৰিকত্ব বিধেয়কৰ প্ৰসংগক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ থকা কৃষক নেতা অখিল গগৈয়ে এইবাৰ মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালৰ দৰে জাতীয় নায়ক অসমত কোনোকালে জন্ম হোৱা নাছিল বুলি কোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷

 অসমৰ জাতীয় নায়ক বুলিলে মণিৰাম দেৱান, আনন্দৰাম ঢেকীয়াল ফুকন আদিকহে আমি জানো৷— এই মন্তব্য কৃষক নেতা অখিল গগৈৰ৷

কালি দুলীয়াজানৰ ডেইলি বজাৰস্থিত লখিমী পেলেচত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, সদৌ অসম চুতীয়া ছাত্র সন্থা, সদৌ অসম গোর্খা ছাত্র সন্থা, সদৌ অসম আদিবাসী ছাত্র সন্থা, ছাত্র মুক্তি সংগ্রাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সদৌ অসম মটক যুৱ-ছাত্র সন্মিলন, সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্র সন্মিলনী, বৃহত্তৰ অসমীয়া মহিলা মঞ্চ, মটক মহিলা পৰিষদৰ দুলীয়াজান আঞ্চলিক সমিতিসমূহৰ যৌথ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অনুষ্ঠিত বিশাল প্রতিবাদী নাগৰিক সভাত কৃষক নেতা অখিল গগৈয়ে কেন্দ্র আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷

তাৰ পিছতে অখিল গগৈয়ে সভাত সোণোৱাল জনগোষ্ঠীৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ বুলি এক বিবৃতি যোগে অভিযোগ উত্থাপন কৰে সোণোৱাল কছাৰী যুৱ মঞ্চই৷ সোণোৱাল কছাৰী যুৱ মঞ্চৰ সভাপতি জিতুল ৰাজ সোণোৱালে এক বিবৃতি যোগে অখিল গগৈৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি দুলীয়াজানত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সমগ্ৰ সোণোৱাল কছাৰী জাতিটোক লক্ষ্য কৰি মন্তব্য আগবঢ়োৱা বুলি অভিযোগ উত্থাপন কৰে৷

সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চ সভাপতিগৰাকীয়ে বিবৃতিতত আৰু কয় ‘‘অখিল গগৈয়ে এটা কথা মনত ৰখা উচিত যে তেওঁ অকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা নাই৷ এই প্ৰতিবাদ সোণোৱাল কাছাৰী সংগঠন সমূহেও কৰি আহিছে আৰু কৰি যাব৷”

এজন মানুহৰ বাবে গোটেই জাতিটোক টানি আনিব লগা হ’ল কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে৷ অনাগত দিনত অসমীয়াৰ মাজত বিভেদ অনাৰ দৰে মন্তব্য নিদিবলৈ সদৌ সোণোৱাল কছাৰী যুৱমঞ্চই সকীয়াই দিয়ে অখিল গগৈক৷

উল্লেখ্য যে, অখিল গগৈয়ে সোণোৱাল জনগোষ্ঠীৰ বিৰুদ্ধে কি মন্তব্য প্ৰকাশ কৰিছিল সেই কথা উল্লেখ কৰা নাই সংগঠনটোৱে বিবৃতিত৷

Share it on

Leave a Reply