শেষ হৈ সেউজীয়া , আৰম্ভ হ’ল ক’লা অধ্যায় ! ৰাছিয়াৰ পৰা নিলোৎপলৰ বন্ধু Mikhail_Fedoseev

0
653
nilutpal

Guwahati:  জুবিন গাৰ্গৰ   তত্ত্বাৱধানত আজি চানমাৰিৰ AEI ফিল্ডত  শান্তি সভা | সচেতন শিল্পী সমাজে আয়োজন কৰিছে সজাগতা সভাৰ | নীলোত্পল, অভিজিতৰ হত্যাৰ ন্যায় বিচাৰি এই সভা | উপস্থিত  সকলো ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি |

শিল্পী সমাজৰ অনুষ্ঠানত উপস্থিত নিলোৎপলৰ বায়েক আৰু বৌ য়েক
জিতেন দত্ত : ডকমকা কাণ্ডৰ সাক্ষী কোনে দিব ? সাক্ষীৰ নিৰাপত্তা সুনিশ্চিত কৰক প্ৰশাসনে । বিচাৰ প্ৰক্ৰিয়া গুৱাহাটী বা নগাঁও আদালতত কৰা হওক । ডিফুত সাক্ষীৰ নিৰাপত্তা নাই । ইয়াত আমি নিৰাপত্তা দিম সাক্ষীক ।

শেষ হৈ সেউজীয়া , আৰম্ভ হ’ল ক’লা অধ্যায় ।  ন্যায় পাওক নিলোৎপল অভিজিতৰ আত্মাই:

ৰাছিয়াৰ পৰা নিলোৎপলৰ বন্ধুয়ে লিখিছে , 

“Hello! I’m from Russia, Nilotpal was my brother and a very good friend for many people in Russia! He was more than a Man, he had a very beautiful soul and one of the kindest hearts that I saw in my life .. Last summer he came to Russia to our festival to decorate and make a restaurant of Indian cuisine, he was one of the guides culture between India and Russia. And we had a plan next year to go to Assam, Neil wanted to show his places where he grew up. And when this terrible event happened we all froze, it was a shock, how is this possible in the modern world ?!!! And some people here in Russia said that they will not go to India any more, and even more to the north-eastern part of India. But I do not agree with this, I see how many respectable people gathered to support the parents of Neil and his relatives, how many people gathered, demanding justice for Neil and Abhijit.. Stand strong friends! Although this will not replace the emptiness from loss, but I hope justice for Neil and Abhijit will triumph .. Thank you to all kind hearts who are not indifferent to this tragedy.. Namaste from Russia ”  – Mikhail_Fedoseev

Also read : ‘আলফা’ৰ স্বীকাৰোক্তি : কিয় হত্যা কৰা হ’ল নীলোৎপল আৰু অভিজিতক !

ডকমকা কাণ্ডৰ প্ৰতিবাদত তথা ৰাজ্যত শান্তি, একতা অটুট ৰখাৰ উদ্দেশ্যে অহা মঙ্গলবাৰে মহানগৰীত আয়োজন কৰা হৈছে এলানি সাংস্কৃতিক কাৰ্যসূচী।

অসমৰ জ্যেষ্ঠ শিল্পী সকলৰ উদ্যোগত দীঘলীপুখুৰী পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত হব এই কাৰ্যসূচি। দেওবাৰে অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যৰ জ্যেষ্ঠ শিল্পী সকলৰ হৈ এই তথ্য সদৰী কৰে লোকনাথ গোস্বামী,চম্পক বৰা, কিশোৰ কুমাৰ কলিতাই

। ডকমকা কাণ্ডক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে, এই কাণ্ডৰ পিছত ৰাজ্যত হব পৰা যিকোনো পৰিস্থিতিৰ সন্দৰ্ভত ৰাইজক সজাগ কৰি এই ঘটনাই যাতে ভাতৃঘাঁটি ৰূপ নলয় তাৰ ব্যৱস্থা লবলৈ চৰকাৰক আহ্বান জনায় জ্যেষ্ঠ শিল্পী সকলে |

Also read :

Karbi Anglong mob lynching: সেউজীয়াবোৰ আজি ক’লা হ’ল ,সুৰ হ’ল আৰ্তনাদ !

Share it on

Leave a Reply