ভয় নাখাব !এইবাৰ ভূমিকম্প আনন্দৰ | ‘Pretty little sky ‘ – সুৰেৰে ভূমিকম্প সৃষ্টি বিশ্বকাপত বিজয়ী মক্সিকোৰ

0
241
fifa
Alfredo Estrella /AFP/ Gretty Image

Triumphant explode after Mexican Team Beats Defending Champions ,Germany :

ভূমিকম্প ! ভয় নাখাব ।এইবাৰ ভূমিকম্প আনন্দৰ । উল্লাসত মাতাল মেক্সিকোচিঞৰত কঁপালে ভূ গৰ্ভ । এক আশ্বৰ্যকৰ ঘটনা । আঁৰৰ নায়ক মেক্সিকোৰ একাংশ ফুটবল অনুৰাগী ।  ল’জানোৱে কৰা গ’লটোৰ সাত চেকেণ্ড পিছতেই মেক্সিকোৰ ৰাজধানী চহৰত সৃষ্টি হয় ভূমিকম্প  |mexico

‘Pretty little sky ‘ – সুৰেৰে জীপাল মেক্সিকো :  চৌদিশে বৈ গৈছে আনন্দৰ বন্যা ।জাৰ্মানীক পৰাস্ত কৰি জয়ৰ লগে লগে দলটোৰ অনুৰাগী সকলে মেক্সিকান পতাকা উৰুৱাই ৰাজপথত সৃষ্টি কৰে আনন্দ উৎসৱ । ল’জানোৱে কৰা গ’লটোৰ সাত চেকেণ্ড পিছতেই মেক্সিকোৰ ৰাজধানী চহৰত সৃষ্টি হয় ভূমিকম্প । অৱশ্যে এই ভূমিকম্প কৃত্ৰিম বুলি ব্যক্ত কৰিছে সংশ্লিষ্ট বিভাগে ।ইয়াৰ আগতে কেতিয়াও মেক্সিকোৱে জাৰ্মানীক পৰাস্ত কৰা নাছিল ।

ৰাছিয়া বিশ্বকাপত প্ৰথমটো অঘটন : ডিফেণ্ডিং চেম্পিয়ন জাৰ্মানিক পৰাস্ত কৰিলে মেক্সিকোৱে | ল’জানোৰ গলেৰে মক্সিকোৰ সম্পূৰ্ণ পইণ্ট অৰ্জন | বিশ্বকাপত মক্সিকোৰ বিৰুদ্ধে জাৰ্মানিৰ প্ৰথমবাৰৰ বাবে পৰাস্ত |mexico

প্ৰথমাৰ্ধৰ ৩৫ মিনিটত পৰাভূত মেনুৱেল নয়াৰ | গেলেৰীত মেক্সিকান ৱেভ, বাকৰুদ্ধ জাৰ্মানী | প্ৰথম মেচতে পৰাভূত ‘ডিফেণ্ডিং চেম্পিয়ন’ | ১৫ নম্বৰৰৰ মেক্সিকোৰ হাতত পৰাজিত ১ নম্বৰ জাৰ্মানী | মেক্সিকোৰ জয়ৰ নায়ক হাৰ্ভিং লোছানো |

mexican fans earthquake

হিৰভিং ল’জানোৱে ৩৫ মিনিটত জাৰ্মানীৰ বিৰোদ্ধে কৰা গ’লটোৰ লগে লগে অনুৰাগী সকলে জঁপিয়াই জঁপিয়াই চিঞৰি চিঞৰি সৃষ্টি কৰিছিল বৃহৎ ভূমিকম্পৰ ” আমি কৰি দেখুৱালো । আমি কৰি দেখুৱালো “!

Share it on

Leave a Reply