নতুনত্বৰ সমাহাৰ ! কাইলৈৰ পৰা আৰম্ভ হ’ব মহা অম্বুবাচী মেলা Ambubachi Mela 

0
276
kamakhya

Guwahati :  বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো নীলাচলৰ শক্তিপীঠ কামাখ্যাধামত কাইলৈৰ পৰা আৰম্ভ হ’ব মহা অম্বুবাচী মেলাৰ।সেই উপলক্ষে আজি শুভাৰম্ভ হ’ব এই মেলাৰ। উদুলি -মুদুলি কামাখ্যা ধাম | কাইলৈৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা |

আজি মহানগৰীৰ সোণাৰাম খেলপথাৰত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব মহা অম্বুবাচী মেলাৰ।এই উপলক্ষে তেওঁৰ লগত পৰ্যটন মন্ত্ৰী চন্দন ব্ৰক্ষ্ম, অসম পৰ্যটন নিগমৰ অক্ষ্যক্ষ জয়ন্তমল্ল বৰুৱা আদি উপস্থিত থাকিব।

অম্বুবাচী সমগ্ৰ উত্তৰ-পূব ভাৰততে পালন কৰা হয়৷ অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয় ৷ এই সময়ছোৱাত মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে ৷ ঘৰুৱা নীতি নিয়মৰ ক্ষেত্ৰত, মাটিত কোনোধৰণৰ আচাৰ বা টেঙাজাতীয় সামগ্ৰী, লগতে লোহাৰ সামগ্ৰী ৰখা নহয় ৷

মহা অম্বুবাচী মেলা : Ambubachi Mela 

অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয় ৷ ফলস্বৰূপে, সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ ৷

চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা, প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে ৷ পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্ৰহণ কৰি থাকে ৷

চুৱাৰ কেইদিন সৰ্প ভয় নিবাৰণৰ বাবে দুগ্ধপান কৰে ৷ ইঘৰে-সিঘৰলৈ ফল-মূল আগবঢ়ায়, প্ৰবৃত্তিৰ আগতে কলহত পানী জমা কৰি কলপাতৰ ওপৰত তুলি থয়৷ ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা (আজিকালি বিদেশৰ পৰাও আহে)লাখ লাখ ভক্তই তিনিওদিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম-কীৰ্তন কৰে৷

মন্দিৰৰ বাহিৰতে ধূপ-দীপ জ্বলাই দেৱীক প্ৰণাম জনায় ৷

অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়ায় ৰক্তবস্ত্ৰ ৷ দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰৱল ৷ সেইবাবে পুৰুষে সেই ৰক্তবস্ত্ৰ সোঁহাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁহাত বা ডিঙিত ধাৰণ কৰে ৷

এই কাপোৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ কামনা পূৰণ হোৱাৰ কথা কুব্জিকা তন্ত্ৰৰ সপ্তম পটলত বৰ্ণিত হৈছে ৷ এই ৰক্তবস্ত্ৰ ধাৰণ কৰি শ্মশান অথবা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ ৷

কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে ৷

শক্তিপীঠ কামাখ্যাধামত মহা অম্বুবাচী মেলা Ambubachi Melaৰ আয়োজন :

উল্লেখযোগ্য যে অম্বুবাচীলৈ অহা ভক্তৰ বাবে এইবাৰ ৫টা শিবিৰ স্থাপন কৰিছে প্ৰশাসনে। নাহৰবাৰী, বৰিপাৰা, কামাখ্যা ষ্টেচন, ফাঁচী বজাৰ আৰু পাণ্ডুত ভক্তৰ বাবে স্থাপন কৰা হৈছে এই শিবিৰ সমূহ।

আনহাতে মন্দিৰলৈ যোৱাৰ বাবে বিশেষ বাছৰ ব্যৱস্থা কৰিছে ৰাজ্যিক পৰিবহণ বিভাগে।

অম্বুবাচীত নিৰাপত্তাৰ দিশটোতো বিশেষ গুৰুত্ব প্ৰদান কৰিছে প্ৰশাসনে। চাফ-চিকুণতা আৰু পোহৰৰ দায়িত্বত থাকিব গুৱাহাটী পৌৰ নিগম।

শিশুৰ বাবে কামাখ্যাৰ প্ৰৱেশদ্বাৰ, কামাখ্যা হিল টপত থাকিব বিশেষ শিবিৰ। কামাখ্যা ষ্টেশ্যন আৰু পাণ্ডুতো থাকিব বিশেষ শিবিৰৰ ব্যৱস্থা। আনহাতে নিশা ১২ বজাৰ পিছত মন্দিৰ চৌহদত প্ৰশাসনে বন্ধ কৰিব ভক্তৰ প্ৰৱেশ।

আনহাতে বয়োজ্যেষ্ঠৰ বাবে পৰিবহণৰ ব্যৱস্থা কৰিব প্ৰশাসনে।

উল্লেখযোগ্য যে সুৰক্ষাৰ দিশটো কটকটীয়া কৰাৰ বাবে ১৪ টা বিভাগত ভাগ কৰা হৈছে কামাখ্যা মন্দিৰৰ সুৰক্ষাৰ দিশটো। মূল ৬টা বিভাগৰ দায়িত্ব থাকিব আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া।

মন্দিৰ চৌহদত অসামৰিক পোছাকতো থাকিব আৰক্ষীৰ দল।

কোনো বয়-বস্তু যাতে নেহেৰায় তাৰ ওপৰত চকু ৰখিব বিশেষ বাহিনীয়ে। আনহাতে মন্দিৰলৈ গাড়ী নিবলৈ অনুৰোধ কৰিব নোৱাৰিব কোনো VIP লোকে। লগতে মন্দিৰতে থাকিব মহানগৰ আৰক্ষীৰ মূল নিয়ন্ত্ৰণ শাখা।

প্ৰত্যেক বছৰে প্ৰায় লক্ষাধিক লোকৰ সমাগত ঘটা মহা অম্বুবাচী মেলা সফলভাৱে পৰিচালনা কৰাৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ সহায় কামনা কৰিছে কৰ্তৃপক্ষই।

Share it on

Leave a Reply