ৱৰ্ল্ড ছেলেঞ্জকাপত দীপাৰ স্বৰ্ণজয়

0
244
Deepa Karmakar

Guwahati : তুৰস্কত জিলিকিল জিমনাষ্ট দীপা কৰ্মকাৰ | ৱৰ্ল্ড ছেলেঞ্জকাপত দীপাৰ স্বৰ্ণজয় |

ৰিঅ’ অলিম্পিকৰ ভল্ট ইভেণ্টত চতুৰ্থ স্থানত থকাৰ লগতে দীৰ্ঘদিন আঘাতৰ বাবে খেল পথাৰৰ পৰা আঁতৰি আছিল৷ কমলৱেলথ গেমছতো অংশ লোৱা নাছিল৷ তাৰ মাজতে দেওবাৰে তুৰষ্কৰ মাৰ্চিন চহৰত অনুষ্ঠিত জিমনাষ্টিক বিশ্বকাপত দুবছৰ বিৰতিৰ পাছত প্ৰতিযোগিতাত অংশ দীপাৰ |

ভল্ট ইভেণ্টত অৱতীৰ্ণ হৈ  সফলতা দীপাৰ |

তুৰস্কত মাৰছিনত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা |

কোৱালিফিকেচন ৰাউণ্ডত দীপাৰ স্কোৰ আছিল সকলোতকৈ বেছি৷ ১৩,৪০০ স্কোৰ কৰে৷ ফাইনেল ৰাউণ্ডত ১৪,১৫০ স্কোৰ কৰি সোণ নিশ্চিত কৰে৷ বেলেন্স ইভেণ্টত কোৱালিফাই হৈ ১১,৮৫০ স্কোৰ কৰি তৃতীয় স্থান দখল কৰে৷

ৱৰ্ল্ড ছেলেঞ্জকাপত দীপাৰ এইটো প্ৰথম পদক |

এছিয়ান গেম্ছতো ভাৰতক প্ৰতিনিধিত্ব কৰিব দীপা কৰ্মকাৰে |

উল্লেখ্য যে, ‘৩০ আণ্ডাৰ ৩০’ শীৰ্ষক ফৰ্বছৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয় ভাৰতক অলিম্পিকত প্ৰতিনিধিত্ব কৰা জিমনাষ্ট দীপা কৰ্মকাৰে।

Share it on

Leave a Reply