আঢ়ৈ মাহেও সন্ধান নাই ৰেৱতী ফুকনৰ

0
299
rebati-phukan

Guwahati : আঢ়ৈ মাহেও সন্ধান নাই ৰেৱতী ফুকনৰ |

২২ এপ্ৰিল তাৰিখে গুৱাহাটীৰ অম্বিকাগিৰী নগৰস্থিত ঘৰৰ পৰা প্ৰাতঃভ্ৰমণলৈ যোৱা ৰেৱতী ফুকন আজিও উভতি নাহিল।

আৰক্ষী আৰু প্ৰশাসনে ফুকনৰ কোনো খবৰ উলিয়াব নোৱাৰাত পুত্ৰ কৌশিক ফুকনে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা হেবিয়াচ কৰ্পাছ আবেদনৰ ভিত্তিত এইবাৰ ন্যায়ালয় ক্ষুব্ধ হৈছে চৰকাৰৰ বিৰুদ্ধে ।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আঢ়ৈ মাহৰ অধিক সময় অতিক্ৰম কৰাৰ পিছতো কিন্তু ফুকনৰ স্থিতি সন্দৰ্ভত দাখিল কৰা নাই কোনো তথ্য । দুবাৰকৈ ৰেৱতী ফুকনৰ স্থিতি সন্দৰ্ভত তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল যদিও দুয়োখন চৰকাৰে কোনো তথ্য দিব নোৱাৰাত সোমবাৰে পুনৰ ন্যায়ালয়ে শপতমানা আকাৰত ফুকনৰ তথ্য দাখিলৰ নিৰ্দেশ দিয়ে চৰকাৰক ।

আলফা(স্বা)ৰ মুখ্য় সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্যবন্ধু ৰেৱতী ফুকনৰ নিৰুদ্দেশক লৈ শংকিত পৰিয়াল । এই ঘটনাক পৰেশ বৰুৱাই অপহৰণ বুলি  উল্লেখ কৰে। অসম চৰকাৰ আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰথমাৱস্থাত কৌশিক ফুকন উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও বৰ্তমানেও ন্যায়ালয়ৰ নিৰ্দেশত গা নলৰিল কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ । আঢ়ৈ মাহতকৈও অধিক সময় নিৰুদ্দেশ হৈ থকা ৰেৱতী ফুকনৰ শুংসূত্ৰ নোলোৱা কথাটোৱে অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে বিষয়টো ।

Share it on

Leave a Reply