পুনৰ বিতৰ্কত জুবিন ! হিমা দাসক গোমাংস ভক্ষণৰ পৰামৰ্শ

0
2905
Zubeen

Guwahati : সাফল্যৰ শীৰ্ষত থকা  স্বৰ্ণৰাণী হিচাপে অভিহিত হিমা দাসক অসমৰ যুৱ সমাজৰ হৃদ-স্পন্দন জুবিন গাৰ্গে  গোমাংস ভক্ষণ কৰি শক্তি অটুট ৰখাৰ বাবে পৰামৰ্শ আগবঢ়াইছে।

অসমৰ অষ্টাদশী দৌৰৰাণী হিমা দাসক জুবিন গাৰ্গে পাৰ চৰাই আৰু মুৰ্গীৰ মাংসৰ সলনি গোমাংস ভক্ষণৰ পৰামৰ্শ দিয়াক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন মহলত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিতৰ্কিত শিল্পী জুবিন গাৰ্গে শনিবাৰে এখন সংবাদমেলত কয় যে গোমাংস খালেহে হিমাৰ দৌৰাৰ শক্তি বৃদ্ধি পাব। গোমাংসই অধিক শক্তিৰ যোগান ধৰে।

সংবাদ-মাধ্যমৰ আগত জুবিনে সদৰি কৰিছে, ‘‘দিল্লীত যেতিয়াই মই হিমা দাসক লগ পইছিলোঁ তেতিয়া তাইক কৈছিলোঁ তই ঘৰলৈ সোণৰ পদক লৈ আহিবই লাগিব। পৰৱৰ্তী মাহত আৰম্ভ হ’বলগীয়া এছিয়ান গেমছৰ বাবে তাই বতাহৰ দৰে দৌৰিব লাগিব ।’’

শিল্পী গৰাকীয়ে আৰু কয় যে পৰৱৰ্তী বছৰ সমূহত নিজৰ শক্তি অটুট ৰাখিবলৈ হিমাই সকলো সম্প্ৰদায়-সাপেক্ষ নিষিদ্ধতাৰ পৰা আঁতৰি গৈ গোমাংস ভক্ষণ কৰিব লাগিব।

জুবিনে আৰু কয় যে ভোগেশ্বৰ বৰুৱা আছিল প্ৰথম এথলিট যিয়ে আন্তঃজাতিক ইভেণ্টত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।ভোগেশ্বৰ বৰুৱাৰ পাছতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা দ্বিতীয়গৰাকী ক্ৰীড়াবিদৰ জন্ম দিব পৰাটো অসমৰ বাবে অতি গৌৰৱৰ বিষয়

Share it on

Leave a Reply