মৰেল পুলিচ কাণ্ড ! এটি কণমানি সন্তান সহ পিতৃক মাৰধৰ

0
373
Morel police

Golaghat : গোলাঘাট জিলাৰ কাজিৰঙাৰ সমীপৰ লতাবাৰীত এটি কণমানি সন্তান সহ পিতৃক মাৰধৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, দুদিন পূৰ্বে ধাবাখনত ধাৰ পৰিশোধ কৰিবলৈ অহা গ্ৰাহকজনক কেইবাগৰাকী লোকে মাৰধৰ কৰাৰ লগতে কণমানি সন্তানকো মাৰধৰ কৰিছিল বুলি অভিযোগ উত্থাপন হয়।

লতাবাৰীৰ কাজিৰঙা ধাবা তথা লম্বো ধাবাত এজন গ্ৰাহকক মাৰধৰ কৰাৰ ফলত চিকিৎসাধীন হ’ব লগীয়া হয়৷ ধাবাখনৰ গৰাকী লম্বো আৰু কেইবাগৰাকী লোকে বৰ্বৰ ভাৱে আক্ৰমণ কৰে লোকজনক।

বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত লতাবাৰীত বোকাখাত নিবাসী ৰোহিত গুৰুং নামৰ লোকজনক মৰেল পুলিচে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ বোকাখাত মহকুমাত। বোকাখাত আৰক্ষীৰ ভূমিকাক লৈও ক্ষোভ প্ৰকাশ কৰিছে গোর্খা ছাত্র সন্থা তথা বোকাখাতৰ সচেতন মহল৷

কাজিৰঙা ধাবাত অবৈধ ভাৱে চলি থকা সুৰাৰ ব্যৱসায়ৰ পৰা আৰক্ষী আৰু অবকাৰী বিভাগে ধন সংগ্ৰহ কৰি থকাৰ অভিযোগ উত্থাপন কৰি গোর্খা ছাত্র সন্থাই  ক্ষোভ প্ৰকাশ কৰি কয় যে মাহেকীয়া অংক থকাৰ বাবেই হোটেলখনত সংঘটিত হোৱা কোনোধৰণৰ ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে৷

আনহাতে, আৰক্ষীয়ে মৰেল পুলিচ কাণ্ডৰ এজনক আটক কৰি কোনো ব্যৱস্থা নোলোৱাকৈ মুকলি কৰি দিয়া বুলিও অভিযোগ উত্থাপন হয়।

Share it on

Leave a Reply