২১তম ফিফা বিশ্বকাপৰ তৃতীয় স্থান দখল বেলজিয়ামৰ

0
425
fifa worldcup2018

Guwahati : ইংলেণ্ডক পৰাস্ত কৰি ২১তম ফিফা বিশ্বকাপৰ তৃতীয় স্থান দখল বেলজিয়ামৰ । শনিবাৰে ছেণ্ট পিটাৰ্ছবাৰ্গ ষ্টেডিয়ামত হোৱা মেচখনত ইংলেণ্ডক ২-০ গ’লত পৰাস্ত কৰি এই সফলতা লাভ বেলজিয়ামৰ ।

বেলজিয়ামে মেচৰ আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক খেলৰ প্ৰদৰ্শন কৰি ইংলেণ্ডক চাপত ৰাখিবলৈ সক্ষম হয় ।

খেল আৰম্ভ হোৱাৰ ৪ মিনিটতেই বেলজিয়ামৰ থমাছ মেউনিয়েৰে এটা সুন্দৰ গ’ল কৰি দলটোক ১-০ ৰ অগ্ৰগতি দিয়ে । ইয়াৰ পিছত বেলজিয়ামে ১২মিনিটত আন এটা সুযোগ লাভ কৰিছিল কিন্তু ইংলেণ্ডৰ গ’ল ৰক্ষকে বেলজিয়ামৰ সেই চেষ্টা বিফল কৰে ।

আনহাতে ইংলেণ্ডেও ২৩ মিনিটত সমতা স্থাপনৰ এক সুযোগ লাভ কৰিছিল যদিও বিফল হয় ইংলেণ্ডৰ খেলুৱৈ ৰহীম ষ্টেৰলিঙ । প্ৰথমাৰ্দ্ধৰ খেল ১-০ স্কৰ লাইনত অন্ত পৰে ।

 ৮০ মিনিটত বেলজিয়ামক দ্বিতীয়টো গ’ল কৰাৰ পৰা ৰক্ষা কৰে ইংলেণ্ডৰ গ’লকীপাৰ পিকফ’ডে ।

কিন্তু ৮২ মিনিটত ইংলেণ্ডৰ গ’লকীপাৰক ভেদ কৰি দ্বিতীয়টো গ’ল কৰে বেলজিয়ামৰ ইডেন হেজাৰ্ডে । এই দুই গ’লৰে ইংলেণ্ডৰ বিৰুদ্ধে জয়ী হৈ বেলজিয়ামে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় এই বৰ্ষৰ ফিফা বিশ্বকাপত |

Share it on

Leave a Reply