বিশ্বচেম্পিয়ন ফ্ৰান্স ! ফ্ৰান্সে পুনৰবাৰ ৰচিলে বৰ্ণিল ইতিহাস

0
336
France Win worldcup

Guwahati : বিশ্ব চেম্পিয়নশ্বিপ লাভ কৰি ফ্ৰান্সে পুনৰবাৰ ৰচিলে বৰ্ণিল ইতিহাস ।

বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত ফ্ৰান্সৰ শিৰত বিশ্বকাপৰ মুকুট । ফাইনেলত ফ্ৰান্স আৰু ক্ৰ’ৱেচিয়াৰ মাজত হোৱা শ্বাসৰুদ্ধকাৰী মেচখনত ধৰাশায়ী হয় ক্ৰ’ৱেচিয়া । ক্ৰ’ৱেচিয়াক ৪-২ গ’লত পৰাস্ত কৰি বিশ্বচেম্পিয়নৰ খিতাপ দখল কৰে ফ্ৰান্সে ।

১৯৯৮ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে খিতাপ অৰ্জন কৰি ফ্ৰান্সে প্ৰথম বিশ্বকাপ জয়ৰ সপোন ভাঙিলে ক্ৰ’ৱেচিয়াৰ ।

বিশ্বজয়ৰ পিছতেই মস্কোৰ আকাশ কঁপালে ফ্ৰান্সৰ অনুৰাগীয়ে ।

মেচৰ আৰম্ভণিৰ পৰাই ক্ৰ’ৱেচিয়াই ফ্ৰান্সৰ ওপৰত আধিপত্য বিস্তাৰৰ চেষ্টা চলাইছিল । কিন্তু ক্ৰ’ৱেচিয়াৰ খেলুৱৈ মাৰিঅ’ মাণ্ডজুকিজৰ এটা আত্মঘাতী গ’লৰ ফলত ১৮ মিনিটত ১-০ অগ্ৰগতি লাভ কৰে ফ্ৰান্সে ।

কিন্তু ক্ৰ’ৱেচিয়া দলটোৱে হতাশ নহৈ ইভান পেৰিচিকৰ ২৮মিনিটত কৰা এটা সুন্দৰ গ’লৰ সহায়ত সমতা স্থাপন কৰিবলৈ সক্ষম হয় । ক্ৰ’ৱেচিয়াৰ এই সমতা স্থাপনৰ ১০ মিনিটৰ ভিতৰতেই পেৰিচিকৰ হেন্ডবলৰ ফলত ফ্ৰান্সে লাভ কৰে এক পেনাল্টীৰ সুযোগ । ফ্ৰান্সৰ হৈ এণ্টইন গ্ৰীজমেনে এই পেনাল্টী শ্বটৰ সু-ব্যৱহাৰ কৰি ফ্ৰান্সক দিয়ে ২-১ৰ অগ্ৰগতি ।

প্ৰথমাৰ্দ্ধৰ খেলৰ অন্তলৈ স্ক’ৰ লাইন ২-১ থাকে যদিও দ্বিতীয়াৰ্দ্ধৰ খেল আৰম্ভ হোৱাৰ লগে লগেই ফ্ৰান্সে এক নতুন ৰণনীতিৰে খেলপথাৰত নামে ।

খেলৰ ৫৯ মিনিটত ফ্ৰান্সৰ পল পগবাই এক সুন্দৰ গ’ল জৰিয়তে ফ্ৰান্সৰ স্থিতিক ৩-১ লৈ উন্নীত কৰে । এই গ’লৰ উৎসাহ মাৰ নাযাঁওতেই ৬৫ মিনিটত ক্য়ালিয়ান এমবাপেৰ গ’লৰে ৪-১ অগ্ৰগতি লয় ফ্ৰান্সে । ক্ৰ’ৱেচিয়াৰ হৈ ৬৯ মিনিটত মাৰিঅ’ মাণ্ডজুকিজে ফ্ৰান্সৰ গ’ল ৰক্ষকৰ এক ভুলক গ’লত পৰিণত কৰি দলটোক ৪-২ ব্যৱধানলৈ আনে যদিও জয়ৰ মুখলৈ নিবলৈ অপাৰগ হয় ।

ইয়াৰ পিছত নিৰ্ধাৰিত সময়লৈকে দুয়োটা দলে আৰু গ’ল কৰিবলৈ সক্ষম নহয় । ফলত ২১তম ফিফা বিশ্বকাপৰ বিশ্বচেম্পিয়নৰ মুকুট পিন্ধিবলৈ সক্ষম হয় ফ্ৰান্স ।

 

Share it on

Leave a Reply