ভয়ঙ্কৰ পথ দুৰ্ঘটনা ! শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা

0
14754
Images Shown here are for representational purposes .

Sivasagar : শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা।

থিতাতে নিহত হয় দেৰগাঁও পুলিচ প্ৰশিক্ষণ কেন্দ্ৰৰ হাবিলদাৰ নয়নমনি কোচ । মঙলবাৰে পুৱতি নিশা ৫:৩০ বজাত জিলাখনৰ গৌৰীসাগৰ থানাৰ অৰ্ন্তগত চাৰিং আলিকেঁকুৰিত সংঘটিত হয় শোকাৱহ ঘটনাটো।

শিৱসাগৰ অভিমুখী AS-23.AC-8398 নম্বৰৰ ট্ৰাকখনৰ লগত বিপৰীত দিশৰ পৰা অহা নম্বৰ প্লেটবিহীন নতুন মাৰুতি আৰ্টিগা খনৰ মুখামুখি সংঘৰ্ষ হয়।

দুৰ্ঘটনাটোৰ ফলত আৰ্টিগা খনৰ চালকৰ আসনত থকা দেৰগাঁও পুলিচ প্ৰশিক্ষণ কেন্দ্ৰৰ হাবিলদাৰ নয়নমনি কোচ থিতাতে নিহত হয়।

ঘটনা সংঘটিত কৰিয়েই ট্ৰাক খনৰ চালক জনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

Share it on

Leave a Reply