Dhubri Moral Policing ! পৰকীয়া প্ৰেম  কৰাৰ  অভিযোগ  উত্থাপন  কৰি  পুৰুষ – মহিলাক বৰ্বৰ প্ৰহাৰ

0
424
Moral police

Guwahati : গণ প্ৰহাৰত হত্যাৰ ঘটনা উদ্বিগ্ন সৰ্বোচ্চ ন্যায়ালয় | দেশৰ বিভিন্ন স্থানত সঘনই সংঘটিত হৈছে এনে ঘটনা |

আইন হাতত তুলি নলবলৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি | এনে  ঘটনা ৰোধ কৰিবলৈ কঠোৰ আইনৰ পোষকতা সৰ্বোচ্চ ন্যায়ালয়ৰ | পৃথক আইনৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ | মুখ্য ন্যয়াধীশ দীপক মিশ্ৰ নেতৃত্বাধীন বিচাৰপীঠৰ এই নিৰ্দেশ |

Dhubri Moral Policing : ধুবুৰী জিলাৰ পশুৱাৰখালত পুৰুষ-মহিলাক মৰেল পুলিচে ওৰে নিশা বান্ধি লৈ বৰ্বৰ  ভাৱে  প্ৰহাৰ  কৰাৰ  ঘটনা  পোহৰলৈ আহিছে৷ পৰকীয়া প্ৰেম  কৰাৰ  অভিযোগ  উত্থাপন  কৰি  পুৰুষ – মহিলাক অত্যাচাৰ চলায় ।

পুৰুষ-মহিলাক উদ্ধাৰ কৰিবলৈ যোৱা  আৰক্ষীৰ বাহনতো  আক্ৰমণ  কৰে  একাংশ  লোকে ৷ চি আৰ পি এফ মোতায়েন কৰি পৰিস্থিতি  নিয়ন্ত্ৰণ  কৰিব  লগা  হয় ৷ ইতিমধ্যে আৰক্ষীয়ে ৯ জন লোকক  ঘটনাৰ  সৈতে  জৰিত  থকাৰ  সন্দেহত  আটক  কৰে৷

জানিব  পৰা  মতে , বিলাসীপাৰাৰ  পশুৱাৰখালত  দেওবাৰে  নিশা  অসংযত  অৱস্থাত এহাল পুৰুষ – মহিলা উদ্ধাৰ হোৱাৰ প্ৰচাৰ হোৱাত সমবেত হয় কেইবাশতাধিক লোক।

তাৰ পাছতে একাংশ লোকে পুৰুষ-মহিলাক হাত ভৰি বান্ধি চলায় অত্যাচাৰ।

পুৱাই এই খবৰ লাভ কৰি বিলাসীপাৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ যোৱাত আৰক্ষীৰ বাহনত আক্রমণ কৰে উত্তেজিত ৰাইজে। বিলাসীপাৰাৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এদল আৰক্ষী আৰু চি আৰ পি এফ জোৱানেহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৯ জনক  লোকক  আটক  কৰি  থানালৈ  লৈ  আহে  আৰু  পুৰুষ-মহিলাক উদ্ধাৰ কৰি চিকিৎসা কৰে ।

Share it on

Leave a Reply