এ পি এছ চি কেলেংকাৰি !১৯ গৰাকী ৰাজপত্ৰিত বিষয়াক আজি হাজিৰ কৰোৱা হ’ব আদালতত

0
392
APSC

Guwahati : বুধবাৰে এ পি এছ চি কেলেংকাৰিৰ ঘটনা সন্দৰ্ভত হস্তাক্ষৰৰ নমুনা দিবলৈ অহা ১৯ গৰাকী ৰাজপত্ৰিত বিষয়াক কাহিলিপাৰাস্থিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে আজি তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ’ব। আৰু আদালতত আটাইকেইগৰাকীকে ১৪ দিনৰ জিম্মাত আৰক্ষীয়ে বিচাৰিব বুলি জানিব পৰা গৈছে ।

  • Arrested persons in APSC Scam-

ACS officers
1. Utpal Bhuyan
2. Barnali Das
3. Susovan Das
4. Dhruvojyoti Chakraboty
5. Manzoor Ilahi Laskar
6. Moon Mazoomdar
7. Mustafa ahmed Borbhuyan
8. Md Saibur Rahman Borbhuyan
9. Monika Teronpi
10. Ganesh Chandra Das
11. Srabanti Sen Gupta
12. Deepsikha Phukan
13. Leena Krishna Kakati
14. Suranjita Hazarika, District Transport Officer
15. Gulshan Daolagpu, Assam Police Service(Jr. Grade)
16. Pallavi Sharma, Assam Police Service(Jr. Grade)
17. Bhargav Phukan, Assam Police Service(Jr. Grade)
18. Rhituraj Neog, Suptd. of Taxes
19. Nipon Kumar Pathak, Inspector of Taxes

বুধবাৰে গ্ৰেপ্তাৰ কৰা ১৯ জনৰ ভিতৰত ৩ গৰাকীক পাণবজাৰ থানাত, ৮ গৰাকীক মহিলা অভিযুক্তক পাণবজাৰ মহিলা থানাত আৰু আন অভিযুক্ত কেইগৰাকীক কাহিলিপাৰাৰ বিশেষ শাখাত ৰখা হয়।

উল্লেখযোগ্য যে পাণবজাৰ মহিলা থানাৰ লক আপত আবদ্ধ সাংসদ আৰ পি শৰ্মাৰ জীয়ৰীকে ধৰি ৮ গৰাকী মহিলা  ৰাজপত্ৰিত বিষয়াই আভিজাত্য ত্যাগ কৰি সাধাৰণ অপৰধীৰ দৰে নিশাটো পাৰ কৰিব লগীয়া হয়। উৎকট গৰম ৰাতি শুব পৰা নাই।ৰাতিপুৱা ই লীলা কৃষ্ণ কাকতি ৰ পৰিয়াল ৰ লোকে লৈ আহিল বিচনী।খাব পৰা নাই আৰক্ষীয়ে দিয়া খানা ,যাৰ বাবে লৈ আহিছে জে বি চ ৰ পৰা ব্ৰেকফাষ্ট |

নিশা থানাৰ ভাত, দাইল আৰু পনীৰৰ তৰকাৰী খাই আজি পুৱা পুনৰ দুখন বিস্কুটেৰে চাহ খাব লগীয়া হয় মহিলা ৰাজপত্ৰিত বিষয়া কেইগৰাকীয়ে।

 

Share it on

Leave a Reply