পালৰ পৰা পল্লৱী শৰ্মালৈ !ৰাকেশ পালৰ দিনৰ এপিএছছি নিযুক্তিৰ ৮০ শতাংশতকৈ অধিক নিযুক্তিত কেলেংকাৰী : অখিল গগৈ

0
1734
pallavi sarma

Guwahati : শেহতীয়াকৈ সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মাৰ গ্ৰেপ্তাৰৰ পাচতে স্পষ্ট হৈ পৰিছে লোকসেৱা আয়োগ আৰু ৰাজনীতিকৰ ওতঃপ্ৰোত সম্পৰ্কৰ কথা।

ৰাকেশ পাল বাহিনীত চামিল হৈ বৰ্তমানলৈ সৰ্বমুঠ ৬৩ জন হেভীৱেট চৰকাৰী উচ্চ পদবীধাৰীয়ে এতিয়া দিন কটাইছে ৰঙাঘৰত ।

ইয়াৰ ভিতৰত ৫৫ গৰাকীয়েই ৰাজপত্ৰিত বিষয়া, ৫ গৰাকী কৰ্মচাৰী-দালাল আৰু অপসাৰিত অধ্যক্ষ সহ লোকসেৱা আয়োগৰ দুই সদস্য।

২০১৬ ত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পাল আৰু দুই সদস্য চামেদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলেৰ গ্ৰেপ্তাৰৰ পাচতে ৰঙাঘৰৰ পথ মসৃণ হৈছিল একাধিক ৰাজ্যপত্ৰিত বিষয়াৰ। ইয়াৰ পাচতে গ্ৰেপ্তাৰ হৈছিল আয়োগৰ সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পৱিত্ৰ কৈৱৰ্ত।

বিগত দিনসমূহত কংগ্ৰেছ-বিজেপি উভয় পক্ষৰে একাংশ নেতাৰ পৃষ্ঠপোষকতাত যে ৰাকেশ পালৰ দৰে দালালে ৰাজ্যৰ কামিহাৰ ভাঙি পেলোৱা কাম কৰি আহিছে সেইয়া ৰাজনৈতিক নেতাৰ পুত্ৰ-জীয়ৰী তথা ঘনিষ্ঠৰ গ্ৰেপ্তাৰৰ ঘটনাই স্পষ্ট কৰি তুলিছে |

এ পি এছ ছি কেলেংকাৰি ঘটনা সন্দৰ্ভত আজি ১৯গৰাকী ৰাজপত্ৰিত বিষয়াক তদন্তকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে এই এ পি এছ ছি কেলেংকাৰিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে অখিল গগৈ :

এ পি এছ ছি কেলেংকাৰী ঘটনাৰ তদন্তৰ সন্দৰ্ভত সৰৱ হৈ পৰা কৃষক নেতা গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, ‘আৰপি শৰ্মাই উল্লেখ কৰাৰ দৰে কেৱল নিৰ্দ্দিষ্ট কেইজনমান লোকক টাৰ্গেট কৰি লোৱা হৈছে কিয়?’

‘কিয় হিমন্ত বিশ্ব শৰ্মা, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু বিজেপিৰ বিধায়ক গুৰুজ্যোতি দাস, সুমিত্ৰা পাটীৰ আৰু চিকিমিকি তালুকদাৰৰ দৰে নেতাৰ প্ৰাৰ্থীসমূহক গ্ৰেপ্তাৰ কৰা হোৱা নাই?’

আনহাতে অখিল গগৈয়ে সাংসদ আৰ পি শৰ্মাৰ জীয়ৰীক গ্ৰেপ্তাৰ কৰাৰ পাছত সাংসদজনে লগে-লগে পদত্যাগ কৰা উচিত বুলি তেওঁ দাবী জনোৱাৰ লগতে এ পি এছ চি কেলেংকাৰীত ধন যোগান ধৰা কাৰণে তথা ৰাজনৈতিক হস্তক্ষেপ কৰাৰ কাৰণে  আৰপি শৰ্মাক গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন কৰে।

ইফালে তেওঁ কয় যে,  ‘ৰাকেশ পালৰ দিনৰ এপিএছছি নিযুক্তিৰ ৮০ শতাংশতকৈ অধিক নিযুক্তিত কেলেংকাৰী আছিল।’

Share it on

Leave a Reply