ৰাধাকুমাৰী আৰু লালীমা হত্যাকাণ্ড !মহিলা সুৰক্ষা কৰ্মী নিয়োজিত কৰা হ’ব চলন্ত ৰেলত

0
495
radha Kumari

Guwahati : ৰাধাকুমাৰী আৰু লালীমা হত্যাকাণ্ডৰ পিছতে সৰৱ হৈ উঠিছে ৰেল প্ৰশাসন |

ৰাজ্যখনত চলন্ত ৰেলত দু্ৰ্বৃত্তৰ হাতত বিগত সপ্তাহটোত দুগৰাকীকৈ মহিলাই প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ ঘটনাৰ পিছত উত্তৰ পূৱ সীমান্ত ৰেলৱে’ কৰ্তৃপক্ষই ৮৪খন যাত্ৰীবাহী ৰেলত সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা বুলি জানিব পৰা গৈছে৷

ৰেলগাড়ী আৰু ৰেল ষ্টেচনসমূহত সন্দেহজনক লোকৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ যিসমূহ ৰেল ষ্টেচনত চিচিটিভি কেমেৰাৰ ব্যৱস্থা নাই সেই সমূহত এই ব্যৱস্থা পৰ্যায়ক্ৰমে কৰাৰ দিহা কৰা হৈছে৷ এই কথা প্ৰকাশ কৰে ৰঙিয়া ৰেল ডিভিজনৰ ডি আৰ এম ৰবিলেশ কুমাৰ ৷

এতিয়াৰে পৰা ৰাজ্যখনৰ কেইবাখনো ৰেলগাড়ীত মহিলা সুৰক্ষা কৰ্মীও নিয়োজিত কৰা হ’ব বুলি জানিবলৈ দি ডি আৰ এম গৰাকীয়ে কয় যে ৰেলযোগে শিশু আৰু নাৰী সৰবৰাহৰ ঘটনা ৰোধৰ বাবে ৰঙিয়া ৰেল সংমণ্ডলৰ অধীনৰ ৰেল ষ্টেচনসমূহত বিহিত ব্যৱস্থা হাতত লোৱা হৈছে ৷

ৰাজ্যখনত ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম দ্ৰুত গতিত চলি থকা বুলি দাবী কৰি ডি আৰ এমগৰাকীয়ে কয় যে আগন্তুক বৰ্ষৰ আগষ্ট মাহৰ ভিতৰত ৰঙিয়া ৰেল সংমণ্ডলৰ অধীনৰ সকলোবোৰ মানৱবিহীন ৰেলৱে’ ক্ৰছিঙৰ বিলুপ্তি সাধন কৰি তাৰ ঠাইত ৰেল বিভাগৰ দ্বৰা নিয়ন্ত্ৰিত ৰেলগেটৰ ব্যৱস্থা কৰা হ’ব ৷

Share it on

Leave a Reply