আমূলৰ আমোদ ৰাহুল মোডীৰ আলিংগন !

0
310
amul rahul modi Hug

Guwahati : আমুলৰ স্কেটচ্ত মোদী-ৰাহুলৰ আলিংগন |

পাৰ্লিয়ামেণ্টত আলিংগন- এই কেপচনটোৰে সৈতে আমুলে মোদী-ৰাহুলৰ আলিংগনক এখন স্কেটচ্ ৰ সহায়ত দিলে নতুন ৰূপ।  দৰ্শকক মনোৰঞ্জন দিয়াৰ এক প্ৰয়াস আমুলৰ।

শুকুৰবাৰে সদনত এন ডি এ চৰকাৰৰ ওপৰত প্ৰতিশ্ৰুতি পূৰণ নকৰা বুলি বহুকেইটা অভিযোগ উত্থাপন ভাষণ প্ৰদান কৰিছিল ৰাহুল গান্ধীয়ে আৰু তাৰ পাছতে হঠাতে মোডী বহি থকা আসনৰ ওচৰলৈ গৈ আলিংগন কৰে ৰাহুলে |

কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে এনেদৰে উঠি আহি আলিংগন কৰাত সদনত অভাৱনীয় পৰিবেশৰ সৃষ্টি হয় |

দেশৰ প্ৰধানমন্ত্ৰী পদৰ মৰ্যাদাক আওকাণ কৰি ৰাহুলে নৰেন্দ্ৰ মোদীক আলিংগন কৰাৰ বিষয়টো ছ’চিয়েল মিডিয়াকে আদি কৰি সৰ্বত্ৰে চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে। এনে তীব্ৰ চৰ্চাক কেন্দ্ৰ কৰিয়ে আমুলে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে ৰাহুল-মোদীৰ আলিংগনৰ ফটোখনৰ এটা স্কেটচ্ শ্বেয়াৰ কৰে ।

উল্লেখযোগ্য় যে, মোদীক আলিংগন কৰি নিজ আসনলৈ ঘূৰি অহাৰ সময়ত হাঁহিমুখে সহকৰ্মীলৈ চাই চকু টিপ মৰা কাৰ্যৰ প্ৰতি লক্ষ্য ৰাখি আমুলে ফটোখন শ্বেয়াৰ কৰোতে ৰাহুলক চকু টিপ মাৰি থকা অৱস্থাত প্ৰদৰ্শন কৰে |

Share it on

Leave a Reply