এজন ব্যতিক্ৰমী  বিধায়ক ! হাল লৈ পথাৰত নামিল  বিধায়ক ৰূপজ্যোতি কুৰ্মী

0
1037
Rupjyoti Kurmi

Guwahati : এজন ব্যতিক্ৰমী  বিধায়ক ! কাৰ্যৰে সঘনে বাতৰিৰ শিৰোনাম দখল কৰা  বিধায়ক ৰূপজ্যোতি কুৰ্মীক এইবাৰ দেখা গ’ল অন্য এক ৰূপত ।

এইবাৰ হাল লৈ পথাৰত নামিল মৰিয়নীৰ বিধায়ক গৰাকী ।ন-ভূঁই উপলক্ষে মৰিয়নীৰ গাভৰু পথাৰত হাল বোৱা দেখা গ’ল বিধায়ক গৰাকীক ।

তেওঁৰ মতে নৱ প্ৰজন্মই বোকা মাটিৰ গোন্ধ পাহৰিলে ।খেতি কৰি খাবলৈ লাজ কৰে । ফলত বাহিৰৰ পৰা সন্দেহযুক্ত নাগৰিক অথবা চৰ চাপৰিৰ পৰা অহা বনুৱাৰ সহায়ত পথাৰত কাম কৰিবলগীয়া হয় ।

খেতি পথাৰৰ প্ৰতি উঠি অহা চামৰ যি অনীহা সেয়া দূৰ কৰিবৰ বাবে বিধায়ক গৰাকীয়ে এনেদৰে পথাৰত নামি ন-ভূঁই ৰুইছে বুলি জানিবলৈ দিয়ে ।  

বিধায়ক গৰাকীয়ে সহজ সৰল ভাৱে ইয়াৰ আগতেও বহু ব্যতিক্ৰমি কাম কৰি আহিছে |

সেয়া বানপানীৰ সময়ত কান্ধত চাউলৰ বস্তা কঢ়িয়াই লৈ যোৱাই হওক বা এগৰাকী ব্যক্তিৰ মৃতদেহ কান্ধত তুলি শ্মশানলৈ লৈ যোৱাই হওক,বহু সময়ত বিধায়ক গৰাকীয়ে জনসাধাৰণৰ কাষলৈ গৈ বিভিন্ন কাম কৰি অহা পৰিলক্ষিত হৈছে ।

Share it on

Leave a Reply