“মাছৰুম গাৰ্ল” : এগৰাকী সফল নাৰী,  আদৰণীয় কাহিনী !

0
763
mushroom Girl

“মাছৰুম গাৰ্ল” কাঠফুলাৰ খেতিৰে কৃষি বিপ্লৱৰ সূচনা এগৰাকী যুৱতীৰ :

একাগ্ৰতা আৰু সাধনাৰ  আঁৰৰ কাহিনী ।

লাগে মাথো হেঁপাহ । কামৰ সৰু বৰ নাই । কামেৰে ৰচিব লাগিব নিজ পৰিচয় । বিহাৰৰ সীতামাৰহি জিলাৰ ৰাব্বি বেহতা গাঁৱৰ এগৰাকী যুৱতীৰ কাহিনীয়ে এতিয়া সকলোকে আশাৰ ৰেঙণি দেখুৱাইছে । “মাছৰুম গাৰ্ল”ৰ নাম হৈছে অনুপম কুমাৰী । যুৱতীগৰাকীয়ে কৃষি খণ্ডত বিপ্লৱৰ সূচনাৰে নিজৰ লগতে চুবুৰীয়া গাঁৱসমূহৰ মহিলাসকলক কৃষিৰ সৈতে আত্মনিয়োগ কৰিবলৈ সুযোগ প্ৰদান কৰিছে ।

এগৰাকী সফল নাৰী, কাহিনী আদৰণীয় |

যুৱতীগৰাকীয়ে কৃষিৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰথমে কাঠফুলাৰ খেতিৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰে । তাৰ পাছত নিজ গাঁৱৰ লগতে চুবুৰীয়া গাঁৱৰ মহিলাসকলক এইবিষয়ত প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰি নিজেও কাঠফুলাৰ খেতিত আত্মনিয়োগ কৰে । কাঠফুলাৰ খেতিৰে মহিলা সৱলীকৰণৰ বাট দেখুৱাবলৈ সক্ষম হোৱা এইগৰাকী যুৱতীক কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধা মোহন সিঙে সম্বৰ্ধনা জ্ঞাপন কৰে । পূৰ্ব মণ্ডলৰ ইণ্ডিয়ান কাউন্সিল অৱ এগ্ৰিকালচাৰেল ৰিছাৰ্চৰ ১৮সংখ্যক প্ৰতিষ্ঠা দিৱসত যুৱতীগৰাকীক এইদৰে সন্মান প্ৰদান কৰে ।

যুৱতীগৰাকীয়ে নিজৰ স্নাতক শিক্ষা গ্ৰহণ কৰাৰ পিছৰ পৰাই এনেদৰে কাঠফুলাৰ খেতিত আত্মপ্ৰকাশ কৰে | অৱশ্যে বতৰৰ অনুকূলতাৰ বাবে কেৱল ছেপ্তেম্বৰ, অক্টোৱৰ আৰু নৱেম্বৰ মাহতহে কাঠফুলাৰ খেতি কৰিব পৰা যায় বুলি উল্লেখ কৰে যুৱতীগৰাকীয়ে । পুৰুষ প্ৰধান কৃষিখণ্ডত এনেদৰে নিজকে নিয়োগ কৰি কম দিনৰ ভিতৰতে সফলতাৰ মুখ দেখিবলৈ পোৱা অনুপম কুমাৰী বৰ্তমান প্ৰজন্মৰ বাবে এক আশাৰ ৰেঙণি হৈ পৰিছে ।

“মাছৰুম গাৰ্ল” –  নাম  অনুপম কুমাৰী |

বিহাৰৰ সীতামাৰহি জিলাৰ ৰাব্বি বেহতা গাঁৱৰ এগৰাকী যুৱতী |স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰথমে কাঠফুলাৰ খেতিৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰে |তাৰ পাছত নিজ গাঁৱৰ লগতে চুবুৰীয়া গাঁৱৰ মহিলাসকলক এইবিষয়ত প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰি নিজেও কাঠফুলাৰ খেতিত আত্মনিয়োগ কৰে |  কাঠফুলাৰ খেতিৰে মহিলা সৱলীকৰণৰ বাট দেখুৱাবলৈ সক্ষম হোৱা এইগৰাকী যুৱতীক কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধা মোহন সিঙে সম্বৰ্ধনা জ্ঞাপন কৰে |এই গৰাকী সফল নাৰীৰ কাহিনীৰে অনুপ্ৰাণিত হ’ব পাৰে আপুনিও |

কাঠফুলা কি ?

Image result for mushroom cultivation in assamকাঠফুলা বা মাশ্বৰুম (Mushroom) ভেঁকুৰ শ্ৰেণীৰ এবিধ উদ্ভিদ ৷ কাঠকুলাৰ আকাৰ সাধাৰণতে ভেঁকুৰ বুলিলে বুজা উদ্ভিদ বিলাকতকৈ ডাঙৰ৷ পচা গছপাত, জাবৰ আদিত আৰু সেমেকা মাটিত কাঠফুলা গজে ৷ বিশেষকৈ বাৰিষা কালছোৱাত হাবি – বননিত কাঠফুলা গজা দেখা যায় ৷ আনবিলাক সেউজীয়া উদ্ভিদৰ দৰে ইয়াৰ সেউজ – ৰঙৰ সৃষ্টিকাৰক পত্ৰহৰিৎকণা নাই ৷ সেয়ে এই উদ্ভিদবিধ বগা, মাখন বৰণীয়া বা মুগা ৰঙৰ হয় আৰু ফলস্বৰূপে খাদ্য পুষ্টি আহৰণৰ অৰ্থে জৈৱিক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰিব লাগে – মৃতজীৱি হিচাবে  |

Share it on

Leave a Reply