আৰক্ষীৰ পত্নীক ব্লেকমেইলিং কৰি ৰঙাঘৰত সাংবাদিক !

0
1212
Cyber crime

Guwahati : ফেচবুকত এগৰাকী আৰক্ষী বিষয়াৰ পত্নীৰ অশ্লীল ফটো আপলোড কৰাৰ ভাবুকি প্ৰদান কৰি চাৰি লাখ টকা দাবী কৰাৰ অপৰাধত শনিবাৰে নুনমাটিৰ চেক্টৰ-২ ৰ পৰা গ্ৰেপ্তাৰ কৰে এজন সাংবাদিকক।

গুৱাহাটীৰ নুনমাটিৰ চেক্টৰ-২ ৰ পৰা গ্ৰেপ্তাৰ কৰা সাংবাদিক জন হৈছে আজাদ জাকাৰীয়া । মঙ্গলদৈৰ বাসিন্দা আজাদ জাকাৰীয়াই সাতগাওত ভাৰাতিয়া হিচাপে থাকি গুৱাহাটীৰ এখন দৈনিক বাতৰি কাকতত সাংবাদিক হিচাপে কাম কৰিছিল। সাংবাদিক আজাদ জাকাৰীয়াই নুনমাটি চেক্টৰ -২ ৰ নিবাসী এজন আৰক্ষী বিষয়াৰ পত্নীৰ লগত চিনাকি হৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে।

কালি সন্ধিয়া আজাদে আৰক্ষী বিষয়া জনৰ ঘৰলৈ আহি আৰক্ষী বিষয়া জনৰ পত্নীক চাৰি লাখ টকা আদায় দিবলৈ কয় অন্যথা তেওঁৰ অশ্লীল ফটো ফেচবুকত আপলোড কৰি দিয়াৰ ভাবুকি দিয়ে । তদুপৰি নষ্ট চৰিত্ৰৰ সাংবাদিক জনে আৰক্ষী বিষয়াৰ পত্নীক সাৱটি ধৰি বলাধকাৰৰ চেষ্টা চলায়। লগে লগে মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ আহি সাংবাদিক জনক কৰায়ত্ত কৰি উত্তম মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত ভাৰতীয় দণ্ড বিধিৰ ৩৫৫/৩৮৪/৩৮৮/৫০৬ নং ধাৰাৰ অধীনত থানাত ৪৭৩/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰি লম্পট সাংবাদিক জনক জেৰা অব্যাহত ৰাখিছে ।

  •  আৰক্ষীৰ পত্নীক ব্লেকমেইলিং কৰি ৰঙাঘৰত সাংবাদিক  : নুনমাটি চেক্টৰ -২ ৰ নিবাসী এজন আৰক্ষী বিষয়াৰ পত্নীৰ লগত চিনাকি হোৱাৰ পিচত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল দুয়োৰে মাজত। শনিবাৰে সন্ধিয়া আজাদে আৰক্ষী বিষয়াজনৰ ঘৰলৈ গৈ বিষয়াজনৰ পত্নীক চাৰি লাখ টকা দাবী কৰি অশ্লীল ফটো ফেচবুকত আপলোড কৰাৰ ভাবুকি দিয়ে। তদুপৰি নষ্ট চৰিত্ৰৰ সাংবাদিকজনে আৰক্ষী বিষয়াৰ পত্নীৰ লগত অশালীন ব্য়ৱহাৰ কৰাৰ লগতে বলাৎকাৰৰো চেষ্টা চলায়। লগে লগে মহিলা গৰাকীয়ে চিঞৰ-বাখৰ লগোৱাত স্থানীয় ৰাইজ আহি সাংবাদিক জনক কৰায়ত্ত কৰে আৰু উত্তম মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৫৫/৩৮৪/৩৮৮/৫০৬ নং ধাৰাৰ অধীনত থানাত ৪৭৩/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰিছে  |

Share it on

Leave a Reply