আজিৰে পৰা গুৱাহাটীৰ এপাৰ্টমেণ্টসমূহত আৰম্ভ ৰেপিড এণ্টিজেন টেষ্ট

গুৱাহাটী : গুৱাহাটীত ৱাৰ্ড, কাৰ্যালয় আৰু দোকানত ৰেপিড এণ্টিজেন টেষ্টৰ প্ৰক্ৰিয়াৰ পিছত এইবাৰ স্বাস্থ্য বিভাগৰ লক্ষ্য গুৱাহাটীৰ এপাৰ্টমেন্ট৷ আজিৰে পৰা গুৱাহাটীৰ এপাৰ্টমেণ্টসমূহত আৰম্ভ ৰেপিড এণ্টিজেন টেষ্ট৷ ১০ আগষ্টৰ ভিতৰত ১ লাখ লোকক টেষ্ট কৰাৰ লক্ষ্য চৰকাৰৰ৷ গুৱাহাটীৰ গন সংক্ৰমণ ৰোধ কৰাৰ বাবে এই পদক্ষেপ স্বাস্থ্য বিভাগৰ।

আৰু পঢ়িব পাৰিব:গুৱাহাটীৰ ব্যৱসায়ীক অপহৰণ কৰি ধন লুট কৰা দুজন লোকক গ্ৰেপ্তাৰ

সৰ্বাধিক হাৰত ক’ভিড টেষ্ট কৰা হৈছে গুৱাহাটীত। ৱাৰ্ড, কাৰ্যালয়, দোকানত ক’ভিড টেষ্ট প্ৰক্ৰিয়া চলি থকাৰ পিছত এইবাৰ ফ্লেটৰ এপাৰ্টমেন্টত আৰম্ভ হ’ল ৰেপিড এণ্টিজেন টেষ্টৰ প্ৰক্ৰিয়া। ভেটাপাৰাৰ উত্তৰায়ন গ্ৰীনৰ পৰা আৰম্ভ এই পৰীক্ষা ।জিলা উপায়ুক্ত উপস্থিত হৈ সমগ্ৰ দিশ পৰিদৰ্শন কৰে৷ গুৱাহাটীত লাহে লাহে টেষ্টৰ অনুপাতে হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা।

আৰু পঢ়িব পাৰিব:সুৰাপায়ীসকল সাৱধান! আহি গ’ল ৫ ছেকেণ্ডতে ফলাফল দিৱ পৰা ব্ৰেথ এনালাইজাৰ

স্বাস্থ্য বিভাগে সৰ্বাধিক হাৰত কৰিছে ক’ভিড টেষ্ট ৷ কিন্তু বহু ঠাইত সহাঁৰি পোৱা নাই ৰাইজৰ আৰু এনে ধৰণৰ ব্যবস্থাই গণ সংক্ৰমণ ৰোধ কৰিব পাৰিব নে? সেইয়া লক্ষনীয় হ’ৱ৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES
Close
Close