গোৱালপাৰা : বিগত বহুদিন ধৰি গোৱালপাৰা জিলাত সন্ত্ৰাস সৃষ্টি কৰি অহা ‘লাডেন ‘ক কৰায়ত্ব কৰাৰ পাছতে সলনি কৰা হ’ল বন্য হাতীটোৰ নাম। জানিব পৰা মতে ৰাস পূৰ্ণিমাত ধৰাৰ বাবে লাডেনৰ নাম সলনি কৰি ৰখা হ’ল ‘কৃষ্ণ’। আনহাতে বন্য হাতীটোক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লৈছে বন বিভাগে।
আৰু পঢ়িব পাৰিব : চিৰাঙত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ তিনিজনকৈ এন ডি এফ বি (এছ)ৰ সদস্য
লাডেন ক কৰায়ত্ব কৰাৰ পাছত লামডিঙৰ সংৰক্ষিত বনাঞ্চললৈ স্থানান্তৰ কৰাৰ চিন্তা-চৰ্চা বন বিভাগে চলাইছিল যদিও লামডিং বাসীয়ে কৰা প্ৰতিবাদৰ বাবে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাতে বন্য হাতীটোক ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন বিভাগে।
আৰু পঢ়িব পাৰিব : মিঠাতেলৰ কাৰ্টনসহ ডিমৌ আৰক্ষীৰ জালত ৬ টাকৈ ডকাইত
কালি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত চলা এটা অভিযানকাৰী দলে কৰায়ত্ত্ব কৰে উদণ্ড বন্য হাতীটোক। ৭টা চিকাৰী হাতী আৰু বন বিভাগৰ লোকে ৰংজুলিৰ ঘন বনাঞ্চলত অভিযান চলাই ট্ৰেংকুলাইজ কৰি নিয়ন্ত্ৰণ কৰে বন্য হাতীটোক।