আত্মহত্যা নহয়, হত্যাৰ বলি হৈছিল সুশান্ত সিং ৰাজপুত! চিবিআই-ৰ তদন্ত দাবী

মুম্বাই : আকস্মিকভাৱে বিদায় লোৱা তাৰকা অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে সমগ্ৰ দেশকে এতিয়া জোকাৰি আছে। আজি মুম্বাইত অভিনেতাজনৰ নশ্বৰ দেহৰ অন্তিম সংস্কাৰ কৰা হ’ব। ইতিমধ্যে বিহাৰৰ পাটনাৰ পৰা অভিনেতাজনৰ পিতৃ, তেওঁৰ ভাতৃ তথা বিজেপি বিধায়ক নীৰজ সিং মুম্বাইলৈ ৰাওনা হৈছে। অভিনেতাজনৰ মৃত্যুক আত্মহত্যা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে যদিও তেওঁৰ মৃতদেহৰ কিছুমান অংগৰ ফৰেনছিক পৰীক্ষা কৰা হ’ব। ইতিমধ্যে তেওঁৰ ন্শ্বৰ শৰীৰৰ পোষ্টমৰ্টেম কৰা হৈছে।

আৰু পঢ়িব পাৰিব: মৰ্মাহত! সুশান্তৰ বিয়োগত শোক-সমবেদনা প্ৰধানমন্ত্ৰী মোদীৰ

ইফালে তাৰকাজনৰ মৃত্যুক লৈ সন্দেহ ব্যক্ত কৰিছে বিহাৰৰ জন অধিকাৰ পাৰ্টীৰ অধ্যক্ষ তথা প্ৰাক্তন সাংসদ পাপ্পু যাদৱে। যাদৱে কালি অভিনেতাজনৰ বিহাৰৰ ঘৰলৈ গৈ পৰিয়ালক সাক্ষাৎ কৰাৰ পাছত সুশান্তৰ মৃত্যুৰ চিবিআই-ৰ তদন্তৰ দাবী কৰে। অভিনেতানৰ পিতৃয়েও চিবিআই-ৰ তদন্ত বিচাৰে বুলি তেওঁ উল্লেখ কৰি বিহাৰৰ গৌৰৱ অভিনেতাজনৰ আত্মহত্যাক সহজভাৱে ল’ব নোৱাৰি বুলি উল্লেখ কৰে। টুইটাৰত তেওঁ লিখিছে, ‘বিহাৰৰ গৌৰৱ সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিব নোৱাৰে।

আৰু পঢ়িব পাৰিব: অসম-অৰুণাচল সীমান্তত আলফা গ্ৰেপ্তাৰ তিনি আলফা সদস্য

তেওঁৰ মৃত্যুৰ চিবিআই তদন্ত কৰা হওক। তেওঁৰ পিতৃৰ সৈতে পাটনাৰ ঘৰত সাক্ষাৎ কৰিলোঁ, তেৱোঁ চিবিআই-ৰ তদন্ত বিচাৰে। তেওঁ কয় যে, মৃত্যু দুঘণ্টাৰ পূৰ্বে পুত্ৰৰ সৈতে তেওঁ কথা পাতিছিল। আত্মহত্যাৰ দৰে কথাৰ কোনো গোন্ধ তেওঁ পোৱা নাছিল। তেওঁৰ পৰিয়ালক সাক্ষৎ কৰি আৱেগিক হৈ পৰিলোঁ।’ যাদৱে প্ৰখ্যাত অভিনেতাজন হত্যাৰ বলি হোৱা বুলি দাবী কৰিছে। অৱশ্যে, আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ পাছত তেওঁৰ মৃত্যুৰ কাৰণ আত্মহত্যাই বুলি সদৰী কৰিছে।

আৰু পঢ়িব পাৰিব: অসম-অৰুণাচল সীমান্তত আলফা গ্ৰেপ্তাৰ তিনি আলফা সদস্য

পোষ্টমৰ্টেম ৰিপ’ৰ্টতো মৃত্যুৰ প্ৰাথমিক কাৰণ ডিঙিত ফাঁচী লগোৱাৰ ফলতে হোৱা বুলি প্ৰকাশ পাইছে। অৱেশ্যে তেওঁৰ শৰীৰত কোনো বিষাক্ত পদাৰ্থৰ উপস্থিতি আছিল নেকি সেয়া পৰীক্ষা কৰা হ’ব জে জে হাস্পতালত। অভিনেতাজনে হতাশাৰ বলি হৈ আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে। যোৱা ছমাহে তেওঁ মানসিক ৰোগ বিশেষজ্ঞৰ সহায়ত নিজকে হতাশাৰ পৰা মুক্ত কৰিবলৈ যত্ন কৰি আহিছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES