আইৰিছ সংসদে এখন গুৰুত্বপূৰ্ণ বিধেয়ক গ্ৰহণ কৰিছে। যি সময়ত এগৰাকী ভাৰতীয় মহিলাই গৰ্ভপাতৰ দ্বাৰা নিজৰ জীৱনৰ প্ৰতি ভাবুকী কঢ়িয়াই আনিছিল সেই ঘটনাৰ পাছতেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰথমবাৰৰ বাবে আইৰিছ সংসদে বৃহস্পতিবাৰে গৰ্ভপাত বৈধ বুলি গ্ৰহণ কৰে। বিগত বৰ্ষত এইটো এটা ঐতিহাসিক সময় হিচাপে গণ্য কৰিছে প্ৰধানমন্ত্ৰী লিঅ ভাৰাদকাৰে।
আৰু পঢ়িব পাৰিব যমেট’ ৰ কৰ্মচাৰিয়ে ৰাস্তাতেই খাদ্য উলিয়াই খায়, পুনৰ পেক কৰে গ্ৰাহকৰ বাবে।
নতুন বিধেয়ক অনুসৰি ১২ সপ্তাহৰ ভিতৰত কোনো গৰ্ভৱতী মহিলাৰ যদিহে স্বাস্থ্যৰ গুৰুতৰ অবনতি ঘটে, অথবা জীৱনৰ প্ৰতি ভাবুকী আহি পৰে তেন্তে মহিলাগৰাকীয়ে গৰ্ভপাতৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।
যদিহে জন্মৰ ২৮ দিনৰ ভিতৰত বা জন্মৰ আগত জ্ঞাত হয় যে ভ্ৰূণটো বিসংগতিপূৰ্ণ তথা বিপদজনক তেতিয়াও এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।
ভাৰাদকাৰে কয় যে, “আইৰিছ মহিলা সকলৰ বাবে এইটো এটা ঐতিহাসিক সিদ্ধান্ত । যি সকলে আমাৰ এই সিদ্ধান্তক গ্ৰহণ কৰিছে তেঁওলোকক ধন্যবাদ জনাইছো।” গৰ্ভপাত বন্ধ কৰাৰ ওপৰত কৰা সমিক্ষা অনুসৰি ৬৬ লোকেই ইয়াৰ বিৰুদ্ধে ভোট প্ৰদান কৰিছিল।
আৰু পঢ়িব পাৰিব বাংগালোৰত ১০৮ জন অবৈধ ৰহিঙীয়া লোকক অতি সোনকালেই স্থানান্তৰিত কৰা হব
১৯৮০ চনত ব্ৰিটেইনত ১৭০,০০০ গৰাকী মহিলাই গৰ্ভপাত কৰাৰব বাবে হেঁচা প্ৰদান কৰি যাত্ৰা কৰাবলৈ বাধ্য কৰাইছিল।
অসমৰ দৈনন্দিন বা-বাতৰি তথা নতুন তথ্য লাভ কৰিবৰ বাবে অনুসৰণ কৰক আমাৰ প্ৰাগ নিউজ ফেচবুক পেজ আৰু প্ৰাগ নিউজ ইউটিউব চেনেল লগতে লাইভ টি ভি পৰ্যবেক্ষন কৰক।