আলাস্কাত শক্তিশালী ভূমিকম্পৰ জোকাৰণি: ছুনামিৰ সতৰ্কতা

আলাস্কা: মঙলবাৰে নিশা ৭.৮ ৰিখটাৰস্কেল প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় আলাস্কা উপদ্বীপ৷ শক্তিশালী ভূমিকম্পটোৰ পাছতেই ছুনামিৰ আশংকাত বিপদসংকুল ঠাইৰপৰা মানুহক স্থানান্তৰ কৰা হৈছে৷

আৰু পঢ়িব পাৰিব: ৰাজ্যত বানৰ তাণ্ডৱ! মৃত্যুৰ সংখ্যা ৮৭লৈ বৃদ্ধি

ইফালে ক’ভিড-১৯ মহামাৰীৰ বাবে সামাজিক দুৰত্ব বজাই ৰাখিব পৰা নাই অস্থায়ী শিবিৰত থকা লোকসকলে৷ মুখত মাস্ক পিন্ধি সহস্ৰাধিক লোকে একেলগে থাকিবলগীয়া হেছে শিবিৰসমূহত৷

আৰু পঢ়িব পাৰিব: মানুহৰ সম্পদৰ লালসাই ভাবুকি কঢ়িয়াইছে বিশ্বলৈ: কিদৰে ক্ষতিগ্ৰস্ত হৈছে প্ৰকৃতি?

ইফালে ভূমিকম্পটো শক্তিশালী হোৱা সত্বেও প্ৰভাৱিত অঞ্চলসমূহত বিশেষ ক্ষয়-ক্ষতি হোৱা নাই আৰু কোনো লোক হতাহত হোৱাৰ বাতৰিও অহা নাই৷ ভূমিকম্পটোৰ পাছত আলাস্কা উপদ্বীপ, দক্ষিণ আলাস্কা আৰু এলেউচিয়ান আইলেণ্ডত ছুনামিৰ সতৰ্কতা জাৰি কৰা হৈছে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES