ইউটিৱাৰৰ অগ্ৰনী ভূমিকা: বানত সৰ্বস্ত্ৰ হেৰুৱা লোকক এমুঠি অন্নৰ যোগান

ওৰাং : ছ’চিয়েল মিডিয়াৰ অন্যতম অংগ হৈছে ইউটিউৱ । ইউটিউৱৰ যোগেদি নিজৰ প্ৰতিভা বিকাশ আৰু সমাজৰ হকে কাম কৰিব পাৰি। ইতিমধ্যে,অসমৰ বহুকেইজন ইউটিউৱাৰে অসমৰ জ্বলন্ত সমস্যা ৰূপে পৰিগণিত বানপানীত দুৰ্দশাৰ সন্মুখীন হোৱা আৰ্তজনলৈ আগবঢ়াইছে সহায়ৰ হাত।

আৰু পঢ়িব পাৰিব:চিৰাঙৰ নিজলা নৈয়ে ধাৰণ কৰিছে ভয়াবহক গৰাখহনীয়া

নতুনকৈ  ইউটিউৱ জগতত প্ৰৱেশ কৰা বনানী শৰ্মা ( চেলিব্ৰেটি ইনচাইট), ৰূপম শৰ্ম, ৰিয়ান জ্যোতি শৰ্মা, দ্বীপ জ্যোতি মাহাতু(কবিতা এণ্ড কবিতা), লক্ষ্য জ্যোতি শৰ্মা (অসমীয়া ব্লগাৰ), কুলদীপ গৌতম শৰ্মা, প্ৰশান্ত চাহা, মিন্টু হাজৰিকা, দশৰত দেৱ, ৰক্তিম উজ্জ্বল শইকীয়া, বিশ্বজিৎ বৰদলৈৰ প্ৰচেষ্টাত আৰু অসমবাসীৰ ৰাইজৰ সহযোগিতাত ওদালগুৰি জিলাৰ কলাইগাঁৱৰ অতি ভিতৰুৱা অঞ্চল গেৰুৱা গাঁৱত বানপীড়িত লোকলৈ সাহাৰ্য-সামগ্ৰী বিতৰণ কৰে।

আৰু পঢ়িব পাৰিব:লকডাউনে অন্ধকাৰ নমাই আনিলে মুখা আৰু ভাস্কৰ্য শিল্পীসকলৰ জীৱনলৈ

বানত ঘৰ-বাৰী, সম্পত্তি উটি যোৱা দুটাকৈ পৰিয়ালক নগদ এহেজাৰ টকাকৈ আগবঢ়োৱাৰ উপৰিও প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ মাজত চাউল,দালি, নিমখ, মাস্ক ,চেনিটাইজাৰ, চাবোন, চিৰা, তেল, বিস্কুট, আলু আদি বিতৰণ কৰে। ইউটিউৱাৰসকলৰ এনে প্ৰচেষ্টাক গাঁওবাসীয়ে প্ৰশংসা কৰে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES
Close
Close