উত্তৰপ্ৰদেশত প্ৰাতঃভ্ৰমণৰ সময়তে গুলীয়াই হত্যা বিজেপি নেতাক

উত্তৰপ্ৰদেশ : প্ৰাতঃভ্ৰমণ কৰি থাকোঁতেই গুলীয়াই হত্যা কৰা হ’ল উত্তৰপ্ৰদেশৰ এজন বিজেপি নেতাক৷ আজি নিচেই পুৱা পথাৰত খোজকাঢ়ি থাকোঁতে সঞ্জয় খোখাৰ নামৰ লোকজনক কোনো দুৰ্বৃত্তই হত্যা কৰে৷ খোখাৰ বিজেপি দলৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰাক্তন সভাপতি আছিল৷

আৰু পঢ়িব পাৰিব: মাচুল বৃদ্ধি : ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিলে চৰকাৰে

ঘটনাটো পশ্চিম উত্তৰপ্ৰদেশৰ ভগতপুৰ নামৰ গাঁওখনত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ কেইবাটাও গুলীৰ আঘাতত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত স্থানীয় লোকে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে৷ ঘটনা সন্দৰ্ভত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তাৎক্ষণিকভাৱে তদন্তৰ নিৰ্দেশ দিছে৷

আৰু পঢ়িব পাৰিব: এন বীৰেন সিং সুৰক্ষিত : আস্থাৰ ভোটত বিজয়ী মণিপুৰৰ বিজেপি চৰকাৰ

উল্লেখ্য যে, কিছুদিন পূৰ্বে জম্মু কাশ্মীৰত এজন বিজেপি নেতাক প্ৰাতঃভ্ৰমণৰ সময়ত গুলীয়াই হত্যাৰ চেষ্টা কৰা হৈছিল৷ ইফালে বিগত মাহত উত্তৰপ্ৰদেশত দেশপাল খোকাৰ নামৰ এজন ৰাষ্ট্ৰীয় লোকদলৰ নেতাক গুলীয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছিল৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES