ঐতিহাসিক গৌৰীসাগৰ পুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ নামত অনিয়মৰ অভিযোগ

গৌৰীসাগৰ: গৌৰীসাগৰ উন্নয়ণ খণ্ডই মোমাই তামুলী পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক গৌৰীসাগৰ পুখুৰীটো ২০১৩ চনৰপৰা সোণৰ কণী পৰা হাঁহলৈ পৰিণত কৰাৰ অভিযোগ আনিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই৷ অভিযোগ অনুসৰি জাবৰ নিষ্কাসনৰ নামত এচামৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে গৌৰীসাগৰ পুখুৰী।

আৰু পঢ়িব পাৰিব: প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন

ঐতিহাসিক পুখুৰীটো বৰৰজা বা ফুলেশ্বৰী কুঁৱৰীয়ে খৃঃ ১৭১৫-১৭ৰ ভিতৰত খন্দোৱাইছিল। প্ৰায় ১৫০ একৰ ভূমি সামৰি থকা পুখুৰীটোৰ পাৰত তিনিটাকৈ দৌলো সজোৱা হৈছিল। এই ঐতিহাসিক পুখুৰীটো বৰ্তমান বিভাগীয় দুৰ্নীতিৰ বাবে এলাগি হোৱা পৰিলক্ষিত হৈছে। পুখুৰীটোৰ চাৰিও পাৰ মেটেকা-পুনিৰে ভৰপুৰ হৈ পুখুৰীটোৰ অস্তিত্ব বিপন্ন কৰি তুলিছে।

আৰু পঢ়িব পাৰিব: চিকিৎসা কক্ষৰ মজিয়াত পৰি মৃত্যু ক’ভিড ৰোগীৰ : ৰাজ্যত মৃতকৰ সংখ্যা ১৫১লৈ বৃদ্ধি

উল্লেখ্য যে, যোৱা কেইবা বছৰ ধৰি গৌৰীসাগৰ উন্নয়ণ খণ্ডৰ মোমাই তামুলী পঞ্চায়তে প্ৰতি বৰ্ষতে এই পুখুৰীটোৰ জাবৰ নিষ্কাষণৰ নামত ২০১৩ চনৰপৰা প্ৰতি বছৰে ৫ লক্ষাধিক টকা আৱণ্টন দি আহিছে। কিন্তু পৰিতাপৰ বিষয় যে মাত্ৰ কেইডালমান মেটেকা তুলিয়ে এই টকা বিভাগীয় কতৃপক্ষই আত্মসাৎ কৰি আহিছে। আনফালে পৰ্যতনস্থলিৰ পূৰ্ণ সম্ভাৱনা থকা এই বিশেষ পুখুৰীটোত চলি থকা দুৰ্নীতিৰ প্ৰতি কিয় চৰকাৰ তথা জিলা প্ৰশাসনৰ কোনো গুৰুত্ব নাই সেয়া অতি ৰহস্যজনক৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES