ঐতিহ্যক অৱমাননা : ডি ডি নেচনেলৰ ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিক বন্ধৰ দাবী

ধিং : ডি ডি নেচনেলত সম্প্ৰচাৰিত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ব্যক্তিত্ব, বৈষ্ণৱ ধৰ্মৰ দৰ্শনৰ লগতে অসমৰ গৰিমামণ্ডিত সাংস্কৃতিক ঐতিহ্যক চূড়ান্তভাৱে অৱমাননা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে।

আৰু পঢ়িব পাৰিব: কৰদাতাৰ সন্মান আৰু আৱেগক গুৰুত্ব দি দেশৰ কৰ ব্যৱস্থাৰ সংশোধন

বৃহস্পতিবাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত এক সংবাদমেল অনুস্থিত কৰি এই মন্তব্য কৰে সমিতিয়ে। বিশেষকৈ ধাৰাবাহিকখনত গুৰুজনাৰ অস্বাস্থ্যকৰ পৰিৱেশৰ বাসগৃহ, আই খেৰসূতিৰ অৱয়ব, গুৰুজনাৰ বিবাহ কাৰ্যৰ লগতে ব্ৰাহ্মণক অতি দুখলগাধৰণে দেখুওৱা হৈছে।

আৰু পঢ়িব পাৰিব: ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ ৰাজ্য চৰকাৰৰ

তদুপৰি সতী ৰাধিকাৰ স্বামীয়ে লাওপানী খোৱাৰ দৃশ্য বিকৃত কৰাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰে বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী। অতি শীঘ্ৰে এই ধাৰাবাহিক নিষিদ্ধ কৰিবৰ বাবে সংবাদমেলযোগে দাবী জনাইছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES