কালৰূপ বাঘজানৰ তৈল খাদ : উদ্ধাৰ সন্ধানহীন অইলৰ ২জন কৰ্মচাৰীৰ মৃতদেহ

তিনিচুকীয়া : সোমবাৰৰ পৰা তিনিচুকীয়া জিলাৰ বাঘজান অঞ্চলৰ অইল ইণ্ডিয়াৰ তৈল খাদত কালৰূপ লোৱা জুইত ছাৰখাৰ অঞ্চলটোৰ বৃহৎ এলেকা৷ এফালৰ পৰা জ্বলি গৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানো৷

আৰু পঢ়িব পাৰিব: স্বাস্থ্য বিভাগত বৃহৎ সালসলনি : সলনি হ’ল জিএমচিএইচৰ অধীক্ষক, অধ্যক্ষও

ইপিনে অগ্নিকাণ্ডৰ মাজত অইলৰ সন্ধানহীন ২ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ এটা পুখুৰীত উদ্ধাৰ হৈছে দুয়োটা মৃতদেহ৷  জুইৰ মাজত পুখুৰীত জাঁপ দিছিল দুয়োজনে৷ দ্ৰোণ কেমেৰাৰ সহায়ত মৃতদেহৰ সন্ধান৷৷ মৃত কৰ্মচাৰী দুজন দুৰ্লভ গগৈ আৰু তিলেশ্বৰ গোহাঁই৷ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হ’ল প্ৰায় ৪০টাকৈ বাসগৃহ৷ ৫০০ ফুট উচ্চতালৈ দেখা গৈছিল জুইৰ শিখা৷

খাদৰ জুইয়ে এফালৰ পৰা দহিছে অৰণ্য৷ প্ৰাণৰক্ষাৰ বাবে ঘৰ এৰি পলায়ন সহস্ৰ গঞাৰ৷ ছাই হৈ পৰিছে বাঘজানৰ কেইবাখনো গাঁও, উদ্যানৰ বিস্তীৰ্ণ এলেকাৰ লগতে বহু পোহনীয়া জীৱ-জন্তুকে ধৰি চৰাই চিৰিকটিও৷ ৷ জানিব পৰা মতে, তৈল খাদৰ অগ্নিনিৰ্বাপনত নিয়োগ কৰা হ’ব বায়ুসেনা বাহিনী৷

আৰু পঢ়িব পাৰিব: ধাৰাবাহিকভাৱে তৃতীয় দিনাও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

ঘটনাস্থলীত চি আৰ পি এফ, এছ ডি আৰ এফ বাহিনী মোতায়েন কৰা হৈছে৷ লগতে সকলো বিভাগে তৎপৰতাৰে অগ্ৰসৰ হ’বলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ইয়াৰ উপৰি স্থানীয় ৰাইজৰ সুৰক্ষাৰ ব্যৱস্থা ল’বলৈ মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোণোৱালে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES