কাশ্মীৰৰ বিচ্ছিন্নতাবাদী ৰাজনীতিৰ শিবিৰত ফাট! হুৰিয়তৰপৰা পদত্যাগ গিলানীৰ

কাশ্মীৰ: সৰ্বদলীয় হুৰিয়ত কনফাৰেঞ্চৰপৰা পদত্যাগ কৰিলে কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ছৈয়দ আলী শ্বাহ গিলানীয়ে৷ প্ৰায় তিনিটা দশক ধৰি কাশ্মীৰৰ বিচ্ছিন্নতাবাদী ৰাজনীতিৰ গুৰিধৰোতাগৰাকীয়ে এক অডিঅ’ বাৰ্তাযোগে দলক জনায় যে দলৰ ‘বৰ্তমানৰ পৰিস্থিতি’ৰ বাবে তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে৷

আৰু পঢ়িব পাৰিব : ছ’চিয়েল মিডিয়াত যুৱতীৰ অশ্লীল ফটো প্ৰকাশ, আৰক্ষীৰ জালত দুই অপৰাধী

উল্লেখ্য যে বিচ্ছিন্নতাকামী ৰাজনীতিৰ ফলত কাশ্মীৰত সৃষ্টি হোৱা সংঘাতময় পৰিস্থিতিৰ বাবে গিলানী ২০১০ চনৰপৰা বেছিভাগ সময় গৃহবন্দী হৈয়ে থাকিবলগীয়া হৈছিল৷ তেওঁ ১৯৯০ চনৰপৰা কাশ্মীৰ উপত্যকাত বিচ্ছিন্নতাবাদী ৰাজনীতি চলাই আহিছিল আৰু হুৰিয়তৰ জীৱনজোৰা অধ্যক্ষ আছিল৷ অডিঅ’ বাৰ্তাত তেওঁ কয়, ‘হুৰিয়ত কনফাৰেঞ্চৰ বৰ্তমানৰ স্থিতিৰ বাবে মই এই ফৰামৰ সৈতে সকলো সম্পৰ্ক শেষ কৰাৰ কথা ঘোষণা কৰিছোঁ৷

আৰু পঢ়িব পাৰিব : চাঞ্চল্য! আইছ’লেচন ৱাৰ্ডত ভৰ্তি কৰোঁৱা ৰোগীৰ মৃতদেহ উদ্ধাৰ মৰ্গত

এই সন্দৰ্ভত এখন বিস্তৃত পত্ৰ মই ফ’ৰামৰ সকলো শাখালৈ প্ৰেৰণ কৰিছোঁ৷’ গিলানীৰ পত্ৰত দলৰ প্ৰতি তেওঁ বীতশ্ৰদ্ধ হোৱাৰ কথা স্পষ্টভাৱে পৰিলক্ষিত হয়৷ উল্লেখ্য যে সংবিধানৰ ৩৭০নং দফাৰ অন্তৰ্গত জম্মু-কাশ্মীৰৰ বিশেষ স্থিতি চৰকাৰে খৰ্ব কৰাৰ পাছতে হুৰিয়ত নেতাজনৰ দলত্যাগৰ ঘটনাই ৰাজ্যখনৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰে ইংগিত বহন কৰিছে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES