‘কাহানী ঘৰ ঘৰ কী’ৰ জনপ্ৰিয় অভিনেতাৰ মৃতদেহ উদ্ধাৰ মুম্বাইৰ বাসগৃহত

মুম্বাই: লকডাউনৰ সময়ত ইটোৰ পাছত সিটো মৃত্যুৰ বাতৰিতে জোকাৰিছে অভিনয় জগতক৷ বলীউডত সুশান্ত সিং ৰাজপুতৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে টিভি চিৰিয়েল জগতৰপৰা আহিল এটা বেয়া খবৰ৷ হিন্দী ধাৰাবাহিকৰ প্ৰখ্যাত অভিনেতা সমীৰ শৰ্মাৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে৷

আৰু পঢ়িব পাৰিব: শ্বেইক্সপীয়েৰিয়ান পণ্ডিত অমৰেশ দত্তৰ মৃত্যু : শতায়ু গৰকি দি গ’ল অমৰ সৃষ্টি

বুধবাৰে নিশা মুম্বাইৰ মালাড ৱেষ্টস্থিত বাসভৱনত পাকঘৰৰ চিলিঙত ওলমি থকা অৱস্থাত অভিনেতাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ জানিব পৰামতে সমীৰ থকা এপাৰ্টমেণ্টৰ চকীদাৰে খিৰিকীৰে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিছিল৷ আৰক্ষীয়ে দুদিন পূৰ্বেই অভিনেতাজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে৷

আৰু পঢ়িব পাৰিব: ‘বিউটী উইথ ব্ৰেইন’: মিছ ইণ্ডিয়াৰ ৰেম্পৰপৰা প্ৰশাসনিক সেৱালৈ ঐশ্বৰ্যৰ যাত্ৰা

প্ৰাথমিক তদন্তত অভিনেতাজনৰ মৃত্যুৰ কাৰণ আত্মহত্যা বুলি সন্দেহ কৰা হৈছে যদিও এই সন্দৰ্ভত যাৱতীয় তদন্ত কৰা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷ উল্লেখ্য, কিউকি চাচ ভী কভি বহু থী, কাহানী ঘৰ ঘৰ কী, লেফ্ট ৰাইট লেফ্ট, জ্যেতি, ইছ প্যাৰ কো ক্যা নাম দু, আদি মেগা ছিৰিয়েলত অভিনয় কৰি দেশৰ টেলিভিছন দৰ্শকৰ চিনকি মুখ হৈ পৰিছিল সমীৰ শৰ্মা৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES