কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

  • কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। ক্ষতিগ্ৰস্ত এম এছ এম ই খণ্ডলৈ ২০ হাজাৰ কোটিৰ ‘গৌণ ঋণ’ (subordinate debt) মঞ্জুৰ। ২লাখ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগক সকাহ দিয়াৰ লক্ষ্য।এম এছ এম ই খণ্ডত ৫০ হাজাৰ কোটিৰ ‘ইকুইটী বিনিয়োগ’ৰ সুবিধা প্ৰদান।
  • ১৪বিধ ৰবি শস্যৰ ন্যুনতম সমৰ্থন মূল্য (এম এছ পি) নিৰ্ধাৰণ। ইয়াৰ জৰিয়তে কৃষকে খৰচতকৈ ৫০ৰ পৰা ৮৩শতাংশ অধিক ধন লাভ কৰিব। ‘আত্মনিৰ্ভৰ ভাৰত’ পেকেজৰ অধীনত ঘোষিত এম এছ এম ই খণ্ডৰ আঁচনিসমূহ ৰূপায়ণৰ বাবে ‘ৰোডমেপ’ প্ৰস্তুত কৰিছে কেন্দ্ৰই। এই পদেক্ষপসমূহে ব্যৱসায়ৰ সুবিধা বৃদ্ধি কৰাৰ লগতে বিনিয়োগকাৰীৰ আকৰ্ষিত কৰিব আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে।
  • শষ্যৰ এম এছ পি চৰকাৰে ৫৩ শতাংশ বৃদ্ধি কৰিছে। প্ৰতি কুইণ্টলত এম এছ পি নিৰ্ধাৰণ কৰা হৈছে ১,৮৬৮ টকালৈ। কৃষকক ঋণ পৰিশোধৰ বাবে আগষ্ট মাহলৈকে সময়সীমা বঢ়াই দিছে কেন্দ্ৰই। কপাহৰ এম এছ পি ৫,৫১৫টকালৈ বৃদ্ধি কৰা হৈছে।
  • শস্যৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত ১৮৬৮ কৰা হৈছে৷ এতিয়াৰেপৰা জোৱাৰ প্ৰতি কিলোত ২৬২০, বজৰা ২১৫০ ত নিৰ্ধাৰণ কৰা হৈছে৷ লগতে ৰাগি, মগু, বাদাম, ছয়াবীন, তিল আৰু কপাহৰ মূল্য প্ৰতি কুইণ্টলৰ ন্যূনতম সমৰ্থন মূল্য ৫০% লৈ বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰিছে কেণ্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ টোমাৰে৷
  • মধ্যম খণ্ডৰ উদ্যোগৰ ক্ষেত্ৰত ঘূৰাই পোৱা ধনৰ পৰিসীমা ২৫০ কোটি আৰু বিনিয়োগৰ পৰিসীমা ৫০ কোটি টকালৈ বৃদ্ধি কৰাৰ কথা প্ৰকাশ জাভেড়কাৰে প্ৰকাশ কৰিছে৷
Show More

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
Live Updates COVID-19 CASES
Close
Close