গুৱাহাটীৰ ব্যৱসায়ীক অপহৰণ কৰি ধন লুট কৰা দুজন লোকক গ্ৰেপ্তাৰ

গুৱাহাটী : যোৱা ৩১ জুলাইৰ শুকুৰবাৰে নিশা সাতগাওঁত এছ এফ এছ স্কুলৰ সন্মুখত সংঘটিত হোৱা যুৱ ব্যৱসায়ী হিমাংশু আগৰৱালা নামৰ যুৱক জনক অপহৰণ কৰি লক্ষাধিক টকা ধন দাবী কৰা ঘটনাত জড়িত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে শনিবাৰে নিশা এক অভিযান চলাই অপহৰণ আৰু ধন দাবী কৰাৰ অভিযুক্ত ছয়মাইলৰ পৰা আছিফ আলি আৰু ৰক্তিম কাশ্যপ ছয় মাইলৰ জয়া নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

আৰু পঢ়িব পাৰিব:সুৰাপায়ীসকল সাৱধান! আহি গ’ল ৫ ছেকেণ্ডতে ফলাফল দিৱ পৰা ব্ৰেথ এনালাইজাৰ

আৰক্ষীয়ে যুৱক দুজনৰ পৰা নগদ ধন দহ হাজাৰ টকা সহ এ এছ-০১এ আৰ ৪২৪২ নম্বৰৰ এখন বুলেট বাইক আৰু তিনিটা মোবাইল ফোন জব্দ কৰে। সম্প্ৰতি নুনমাটি আৰক্ষী থানাত গ্ৰেপ্তাৰ কৰা দুই যুৱকক মাৰাথান জেৰা চলাই আছে। আৰক্ষীয়ে সদৰী কৰা মতে ঘটনাটোত আৰু আন বহুজন জড়িত আছে বুলি প্ৰকাশ কৰিছে। লগতে এই ঘটনাত জড়িত কেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব।

আৰু পঢ়িব পাৰিব:ৰাজ্যত পুনৰ জঘন্য ঘটনা: পুত্ৰৰ দাৰ ঘাপত প্ৰাণ হেৰুৱালে জন্মদাত্ৰীয়ে

স্থানীয় একাংশ লোকে অভিযোগ কৰা মতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আছিফ আলি আৰু ৰক্তিম কাশ্যপ দুইযুৱক শাসকীয় দলৰ সৈতে জড়িত বুলি প্ৰকাশ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছত আৰু বহু তথ্য পোহৰলৈ আহিব।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES
Close
Close