গড়গাঁৱত দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান


শিৱসাগৰঃ মাহমৰা সমষ্টিৰ গড়গাঁৱত কংগ্ৰেছৰ ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে। গড়গাঁও পঞ্চায়তৰ ৯/১০নং ৱাৰ্ডৰ কংগ্ৰেছৰ দুই শতাধিক কৰ্মীয়ে ৰাজনৈতিক দল বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে।

আৰু পঢ়িব পাৰিব: যোগাসনেৰে তামুলপুৰৰ পুষ্পক নেৱাৰৰ বিশ্ব অভিলেখ

ৰাজ্যিক গড়কাপ্টানী মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিজেপিৰ বিধায়ক যোগেন মহনৰ উপস্থিতিত মাহমৰা সমষ্টিৰ গড়গাঁও পঞ্চায়তৰ অধীনৰ দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত।

আৰু পঢ়িব পাৰিব: ‘এটা কঁঠাল লৈ আহা…’ হাস্পতাললৈ যোৱাৰ পূ্ৰ্বে প্ৰণৱ মুখাৰ্জীৰ ইচ্ছা পূৰাইছিল পুত্ৰই

এই বিজেপি কৰ্মীৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে লাকুৱা বিজেপি মণ্ডল সভাপতি ৰাতুল গগৈ, সাধাৰণ সম্পাদক ত্ৰৈলোক্য গগৈ, যুৱ মৰ্চাৰ সভাপতি অভিজিৎ বৰুৱাৰ লগতে চৰাইদেউ জিলাৰ বিজেপিৰ উপ-সভাপতি হীৰেন ৰাজকোঁৱৰ, শিৱসাগৰ জিলাৰ বিজেপিৰ উপ-সভাপতি প্ৰবীণ কোঁৱৰৰ লগতে বিজেপি শীৰ্ষ বিষয়া অৰুণ চাংমাইও উপস্থিত থাকে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES