চিৰাঙৰ নিজলা নৈয়ে ধাৰণ কৰিছে ভয়াবহক গৰাখহনীয়া

চিৰাং : চিৰাঙৰ লাউক্ৰীগুৰিত নিজলা নদীৰ ভয়ঙ্কৰ গৰাখনীয়া । যিকোনো মুহুৰ্তত নিজলা নৈয়ে গতি সলনি কৰি সোমাব পাৰে গাঁওৰ মাজেৰে৷ ভুটানৰ পৰা নামি অহা তিব্ৰবেগী পানীয়ে ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে নিজলা নৈয়ত। চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ লাউক্ৰীগুৰিত নিজলা নৈয়ে সংসাৰী ৰূপ লোৱাৰ পৰিলক্ষিত হৈছে। তিব্ৰ গতিত চলাইছে গৰাখহনীয়া। লাউক্ৰীগুৰীৰ মথাউৰী খহাই নিয়াৰ উপক্ৰম হৈছে ।

আৰু পঢ়িব পাৰিব:লকডাউনে অন্ধকাৰ নমাই আনিলে মুখা আৰু ভাস্কৰ্য শিল্পীসকলৰ জীৱনলৈ

দ্ৰতগতিত হৈ থকা নিজলা নদীৰ গৰাখহনীয়াত মথাউৰী খহাই নিলে গতি সলনি হ’ব নিজলা নৈৰ। ইতিমধ‍্যে লাউক্ৰীগুৰি গাঁওৰ মাজেৰে নিজলা নৈৰ বাঢ়নি পানীৰ সোত বৈছে । মথাউৰী ছিগিলে পোনে পোনে লাউক্ৰীগুৰি গাঁওৰ মাজেৰে নিজলা নৈ সোমাই আহিব । ফলত ক্ষতিগ্ৰস্থ হ’ব প্ৰায় ২৫/৩০ খন গাঁও । প্ৰায় ২০ হেজাৰ লোক নিজলা নৈৰ ক্ষতিৰ সন্মুখীন হ’ব লাগিব । বিগত কেবাদিনৰ পৰা হৈ থকা এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে এতিয়ালৈ কোনো ব‍্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ কৰিছে লাউক্ৰীগুৰীৰ ৰাইজে । কেইদিনমান আগতে মন্ত্ৰী চন্দন ব্ৰহ্ম নিজে অঞ্চলটো ভ্ৰমন কৰি পৰিস্থিতিৰ বুজ লৈছিল যদিও এতিয়ালৈকে কোনো ব‍্যৱস্থা গ্ৰহন কৰা নাই ।

আৰু পঢ়িব পাৰিব:সান্ধ্য আইনৰ মাজতেই ব্যৱসায়ীক অপহৰণ কৰি দুৰ্বৃত্তৰ দলে লুটি নিলে লক্ষাধিক টকা

ইপিনে আই নদীয়ে মাদাৰপুৰ গাঁওৰ মথাউৰী ছিগি মাদাৰপুৰ গাঁওৰ মাজেৰে গতি কৰিছে । আই নদীৰ গৰাখহনীয়াত নিশ্চিহ্ন প্ৰায় বুৰিঝাৰ,নেপালপাৰা,ডাবাবিল আৰু ডেবৰবিল গাঁও । একেদৰে আই নদীৰ খহনীয়াত নিশ্চিহ্ন হৈছে ছোটো আমগুৰি আৰু সন‍্যাসিবাৰী গাঁওখনো । মাক্ৰা নৈৰ খহনীয়া অব‍্যাহত তুলসীঝোৰাত । নাঙলভাঙা নৈৰ খহনীয়াত ক্ষতিগ্ৰস্থ হৈছে শিশুবাৰী,পলাংসুগুৰিকে আদি কৰি কেইবাখনো গাঁও। মুঠতে চিৰাং জিলাৰ বহু কেইখন গাঁও আই, মাক্ৰা, নিজলা, নাঙলভাঙা আদি নদীৰ গৰাখহনীয়াত সৰ্বশ্ৰান্ত ।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES