চেনেল

এ.এম. টেলিভিশ্যনৰ দ্বাৰা প্ৰযোজিত চেনেল প্ৰাগ নিউজ সম্পূৰ্ণ সত্য আৰু সু-চিন্তাৰে ভৰপূৰ এক চেনেল। প্ৰাগ নিউজ উত্তৰ পূৰ্বাঞ্চলৰ বাতৰিৰ লগতে সমগ্ৰ অসমৰ স্থানীয় খা-খবৰৰ এক বিশ্বাসযোগ্য চেনেল। ২০০১ চনৰ ২ মাৰ্চ তাৰিখে মুক্তি হোৱা এই নিউজ চেনেলটো সম্পূৰ্ণ আঞ্চলিক ভাষাৰ এক সত্য নিষ্ঠ আৰু বিশ্বাসযোগ্য চেনেল। যিকোনো সময়ত, যিকোনো পৰিস্থিতিতে ৰাইজৰ আগত বাতৰি প্ৰদানেই মূল উদ্দেশ্য।

এ.এম. টেলিভিশ্যন প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত এই নিউজ চেনেলটো অসমৰ এক পুৰণী নিউজ চেনেল যিয়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটতো বিশেষ সমাদৰ লাভ কৰি আহিছে।

প্ৰাগ নিউজৰ মূখ্য সম্পাদকৰ পদত আছে অসমৰ সংবাদ জগতৰ জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, পৰিচালন সম্পাদক প্ৰণয় বৰদলৈ আৰু কাৰ্যবাহী সম্পাদকৰ পদত আছে দিগন্ত ওঝা। তেখেতসকলৰ পূৰ্ণ সহযোগিতাত প্ৰাগ নিউজে আজি অসমৰ এক উল্লেখনীয় নিউজ চেনেল হিচাপে সকলোৰে মাজত জিলিকি থাকিবলৈ সক্ষম হৈছে।

অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বজাৰখনৰ উপৰিও ভাৰতীয় বজাৰত এই প্ৰাগ নিউজে যথেষ্ট সমাদৰ লাভ কৰিছে। সমগ্ৰ ভাৰতৰ কেবল টিভি/ডিটিএইচ সেৱাত এই চেনেল উপলব্ধ।

এ.এম. টেলিভিশ্যনৰ এই চেনেলটো মুক্তিৰ দিনাৰ পৰা যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে টি.আৰ.পি.ৰ ক্ষেত্ৰত অসমৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰাগ নিউজৰ সঞ্চালক সঞ্জিৱ নাৰায়নে অসমত এক নতুন সপোন আৰু কৰ্মোদ্যমৰ চেনেল হিচাপে প্ৰতিস্থিত কৰাৰ বাবে এই চেনেলটো মুক্তি কৰিছিল। কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ এক নিৰ্ভৰযোগ্য চেনেল প্ৰাগ নিউজে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

বৰ্তমান সময়ত ১২ মিলিয়নতকৈ অধিক লোকে এই চেনেলটোৰ সেৱা গ্ৰহণ কৰি আহিছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত। লগতে ২০০৩ আৰু ২০০৪ চনত শ্ৰেষ্ঠ গন সংযোগ বঁটা লাভ কৰিছে। ২০১১ চনত উত্তৰ পূবৰ আঞ্চলিক চেনেল হিচাপে ভাৰতৰ সংবাদ পত্ৰ কমিটিয়ে বঁটা প্ৰদান কৰিছে। ইয়াৰ উপৰিও ২০১১ আৰু ২০১২ চনৰ মহত্বপূৰ্ণ নিবকাচ বঁটা লাভ কৰে।

 

ৱেবচাইট

 

 

 

 

 

ৰেঙনীঃ অসম আৰু উত্তৰপূৱৰ আগশাৰীৰ মনোৰঞ্জনধৰ্মী চেনেল হিচাপে ৰেঙনীয়ে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এ.এম. টেলিভিশ্বনৰ অন্তৰ্গত এই ৰেঙনী চেনেলটো যথেষ্ট আবেগ আৰু বিভিন্নতাৰ মাজেৰে গঢ় লৈ উঠিছে। এই ৰেঙনী চেনেলটো ২০১৩ চনৰ ৩ জুন তাৰিখৰ পৰা আৰম্ভ হয়। এই চেনেলটো বহুকেইখন ধাৰাবাহিক, চিনেমাৰ লগতে বহু মনোৰঞ্জনধৰ্মী অনুষ্ঠান প্ৰচাৰিত হৈ আহিছে। ৰেঙনীয়ে বহু কেইটা অনুষ্ঠান যেনে গৃহিনী চুপাৰষ্টাৰ, জনপ্ৰিয় ধাৰাবাহিক কি নাম দি মাতিম, বেহাৰবাৰী আউটপষ্ট, সোণৰ খাৰু নেলাকৈ মোক আদি প্ৰচাৰ কৰি আহিছে।

অসমীয়া চিনেমা আৰু ভিন্ন নতুন কথা, প্ৰতিভাবান অভিনেতা-অভিনেত্ৰীৰ লগতে যথেষ্ট আমোদজনক সংগীতে এই চেনেলৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। অসমৰ প্ৰথম অসমীয়া চেনেল যিয়ে বহুকেইটা দৃশ্যাংশ বিদেশী ৰাষ্ট্ৰত দৃশ্য গ্ৰহণ কৰিছে। এই বিদেশী ৰাষ্ট্ৰৰ দৃশ্য গ্ৰহণে বহু আন্তঃৰ্জাতিক দৰ্শকক আজুৰি আনিবলৈ সক্ষম হৈছে। আন্তঃৰ্জাতিক সম্পৰ্ক বহু দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

 

ৱেবচাইট