ছ’চিয়েল মিডিয়াত যুৱতীৰ অশ্লীল ফটো প্ৰকাশ, আৰক্ষীৰ জালত দুই অপৰাধী

গুৱাহাটী : পাণবজাৰ মহিলা আৰক্ষীৰ জালত পৰিল দুই লম্পট। ফেচবুকত অসমীয়া যুৱতীৰ ফটো এডিট কৰি অশ্লীল ৰূপ দি ভাইৰেল কৰি যুৱতীৰ পৰা ধন বিচাৰি ব্লেকমেইল কৰি আহিছিল৷ দুই যুৱকে কিছুদিন পূৰ্বে গুৱাহাটীৰ এগৰাকী যুৱতীৰ ফটো অশ্লীল ৰূপ দি ধন দাবী কৰাত যুৱতীগৰাকীয়ে পাণবজাৰ থানাত ২৬ জুনত ৰুজু কৰে এটা গোচৰ।

আৰু পঢ়িব পাৰিব : স্বাস্থ্যকৰ্মীৰ মৰ্জিত ‘নিগেটিভ’ লোকো হয় ‘পজিটিভ’ : কি ক’লে যুৱতীয়ে ?

গোচৰ নম্বৰ 74/2020, IPC section 67(A) IT actৰ অধীনত ইতিমধ্যে পাণবজাৰ থানাৰ এছআই পল্লৱী শইকীয়াসহ এটা দলে বঙাইগাঁও আৰু বাক্সাৰ পৰা গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক। কালীচৰণ শৰণীয়া আৰু সমৰ সিং ৰাভা নামৰ লম্পট দুটাই বহু দিনৰ পৰা এনেদৰে ছ’চিয়েল মিডিয়াত যুৱতীৰ ফটো অশ্লীল ৰূপ দি বহু যুৱতী হাৰাশাস্তি কৰি আহিছিল।

আৰু পঢ়িব পাৰিব : ৫১লাখটকীয়া বাইকত দেশৰ মুখ্য ন্যায়াধীশ, আলোকচিত্ৰ ভাইৰেল

অৱশেষত মহানগৰ আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰে দুই দুৰ্ধৰ্ষ অপৰাধীক।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES