তেজপুৰত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি : এটা কোঠাতে চিপ লৈ আত্মহত্যা প্ৰেমিকযুগলৰ

তেজপুৰ : তেজপুৰ কেতেকীবাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। দহ পৃষ্ঠাৰ ছুইচাইড নোট লিখি এটা কোঠাতে চিপ লৈ একেলগে আত্মহত্যা কৰিলে দুই প্ৰেমিকযুগলে। এই দুই প্ৰেমিকযুগলৰ নাম পৰোৱাৰ টিংকু ৰায় আৰু মুন গগৈ। দুয়োগৰাকী বিবাহিত৷ টিংকু ৰায় সন্তানসহ আছে পত্নী। এটি এমহীয়া সন্তানসহ তিনিটা সন্তানৰ মাতৃ মুন গগৈয়ে একেলগে বাস কৰিছিল স্বামীৰ সৈতে। দুয়ো বিবাহিত হ’লেও মুনৰ প্ৰেমত পৰিছিল টিংকু।

আৰু পঢ়িব পাৰিব: ৰূপৰ ইটা স্থাপনেৰে হ’ব শিলান্যাস : বুধবাৰে প্ৰধানমন্ত্ৰীৰ অযোধ্যা ভ্ৰমণৰ সবিশেষ 

মুনৰ সাংসাৰিক জীৱনৰ দুখ-কষ্টৰ বাবে টিংকু কাষ চাপিছিল মুনৰ। সেই সুত্ৰে দুয়োৰে মাজত গঢ়ি উঠিছিল গভীৰ প্ৰেম। মাক আৰু ককায়েকলৈ লিখা ছুইচাইড নোটত এই কথা স্পষ্ট আছে। টিংকুৱে বাৰেপতি অনুৰোধ কৰিছিল যে প্ৰেমিকা মুনৰ লগতে প্ৰথমা পত্নী আৰু সন্তানকো ভৰণ-পোষণ দি যাব। কিন্তু যাতে তাৰ ওপৰত পৰিয়ালে আইনগত ব্যৱস্থা নলয়। কিন্তু সেয়া নহ’ল।

আৰু পঢ়িব পাৰিব:ইউপিএছচিত উত্তীৰ্ণ অসমৰ দুই কৃতিমান : দ্বিতীয়বাৰলৈ উত্তীৰ্ণ আৰণ্যক

টিংকুৰ প্ৰথমা পত্নীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিলে টিংকুৰ বিৰুদ্ধে। পোন্ধৰ দিন পূৰ্বে এই দুই প্ৰেমিকযুগলে পলাই আহি সংসাৰ কৰিছিল কেতেকীবাৰীৰ এঘৰ লোকৰ ভাৰাঘৰত। সন্ধানহীন হৈ থকাৰ সময়তে মঙলবাৰে এই দুই প্ৰেমিকযুগলৰ মৃতদেহ উদ্ধাৰ হ’ল একেলগে চিপ লোৱা অৱস্থাত।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES