দুৰ্ঘটনা নহয় হত্যাকাণ্ড! কেৰালাৰ বিমান দুৰ্ঘটনাক সুৰক্ষা বিশেষজ্ঞই কৰিলে এই অভিযোগ

নতুন দিল্লী : কেৰালাৰ কোঝিকোড় বিমানবন্দৰত কালি সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাক ‘হত্যাকাণ্ড’ আখ্যা দিছে এগৰাকী ‘এয়াৰ ছেফটী এক্সপাৰ্ট’-এ। সুৰক্ষা ব্যৱস্থাৰ দিশত থকা দুৰ্বলতাসমূহ দীঘলীয়া সময় ধৰি আওকাণ কৰি যোৱাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰি ইয়াক হত্যাকাণ্ডৰ সমতুল্য আখ্যা দিছে কেপ্টেইন মোহন ৰংগনাথনে। অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ে গঠন কৰা সুৰক্ষা পৰামৰ্শদাতা কমিটীৰ সদস্য ৰংগনাথনে হিন্দুস্তান টাইমছ কাকতত দিয়া এটা সাক্ষাৎকাৰত ভালেমান গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, ন বছৰ আগতেই তেতিয়াৰ কালিকাট আৰু এতিয়াৰ কোঝিকোড় বিমানবন্দৰটো বিমান অৱতৰণৰ বাবে নিৰাপদ নহয় বুলি তেওঁ প্ৰতিবেদন দাখিল কৰিছিল।

আৰু পঢ়িব পাৰিব: “আমাৰ মৃত ছোৱালীক বদনাম কৰি নিজ স্বাৰ্থ পূৰণ নকৰিব” – মাতৃৰ আহ্বান

‘মোৰ সতৰ্কবাণী আওকাণ কৰা হৈছিল আৰু সেইবাবেই মোৰ মতে এয়া দুৰ্ঘটনা নহয়, হত্যাকাণ্ডহে।’ ‘টেবল-টপ এয়াৰপ’ৰ্ট’ অৰ্থাৎ সমতলৰ পৰিৱৰ্তে অতি উচ্চতাত অৱস্থিত বিমানবন্দৰ হোৱা সূত্ৰেই কোঝিকোড়ৰ দৰে বিমানবন্দৰত বিমান অৱতৰণৰ বাবে খুব কম ঠাই থাকে আৰু সেয়ে ইয়াত অধিক সুৰক্ষা ব্যৱস্থা থকা উচিত বুলি মত প্ৰকাশ কৰে ৰংগনাথনে। প্ৰায় এক দশক পূৰ্বে অসামৰিক বিমান পৰিবহন সুৰক্ষা পৰামৰ্শদাতা কমিটীৰ সচিব আৰু অসামৰিক বিমান পৰিবহন সচিবলৈ ৰংগনাথনে লিখিছিল যে, কোঝিকোড় বিমানবন্দৰৰ ১০নং ৰানৱেত বৰষুণৰ সময়ত, ‘টেইলউইণ্ড’ পৰিস্থিতিত বিমান অৱতৰণ কৰোঁৱাটো বিপদজনক হ’ব পাৰে।

আৰু পঢ়িব পাৰিব: ধুবুৰীত চাঞ্চল্য : দুৰ্বৃত্তই হানি-খুচি হত্যা কৰিলে এজনক

তেওঁ ইয়াকো কৈছিল যে, বিমানবন্দৰটোত ন্যুনতম ‘ৰানেৱ এণ্ড ছেফটী এৰিয়া’ও নাই। ৰংগনাথনৰ এই পৰামৰ্শ তথা সতৰ্কবাণীক অৱজ্ঞা কৰাৰ বাবেই শুকুৰবাৰে শোকাৱহ দুৰ্ঘটনা সংঘটিত হ’ল বিমানবন্দৰটোক। এই দুৰ্ঘটনাত কমেও ১৮জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত দুজন পাইলটো আছে। ‘বন্দে ভাৰত মিছন’ৰ অধীনত বিমানখনৰ জৰিয়তে ডুবাইত আবদ্ধ হৈ থকা ভাৰতীয়সকলক কঢ়িয়াই অনা হৈছিল। দেশত তোলপাৰ লগোৱা এই দুৰ্ঘটনা অসমৰিক বিমান পৰিবহন বিভাগৰ অসাৱধানতাৰ বাবেই সংঘটিত হোৱা বুলি উঠা এই অভিযোগে এতিয়া নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। ৰংগনাথনে ইয়াৰ পিছত পাটনা বা জম্মু বিমানবন্দৰতো অনুৰূপ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES