ধুবুৰীত চাঞ্চল্য : দুৰ্বৃত্তই হানি-খুচি হত্যা কৰিলে এজনক

ধুবুৰী : ধুবুৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড।ধুবুৰীৰ আয়ৰন জংলা তৃতীয় খণ্ডৰ সাহিনুৰ ইছলাম নামৰ লোকজনক হানি-খুচি হত্যা কৰে এজন দুৰ্বৃত্তই৷ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে হত্যাকাৰী জালাল সেখ, ওৰফে ভোলা নামৰ লোকজন। অভিযোগ অনুসৰি, আজি পুৱাৰ ভাগত সাহিনুৰ ইছলামে শহুৰেকৰ ঘৰৰ চোতালত বহি থাকোঁতে হঠাৎ জালাল সেখ উপস্থিত হৈ আচম্বিতে চোকা অস্ত্ৰৰে শৰীৰৰ কেইবা ঠাইত আঘাত কৰি পলাই যাবলৈ চেষ্টা কৰে কিন্তু জালাল শেখক ঘটনাস্থলীতে ৰাইজে আটক কৰি উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে।

আৰু পঢ়িব পাৰিব: “আমাৰ মৃত ছোৱালীক বদনাম কৰি নিজ স্বাৰ্থ পূৰণ নকৰিব” – মাতৃৰ আহ্বান

ইপিনে আঘাত কৰা লোকজনক অচেতন অৱস্থাত আৰক্ষীয়ে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃত্যুদেহটো ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হৈছে।

আৰু পঢ়িব পাৰিব: চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰণাস্ত্ৰ উদ্ধাৰ

উল্লেখ্য যে, ধুবুৰী এ এম কো ৰোড আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাছেন আলীৰ লগ লাগি বহুদিনেৰে পৰাই জালাল সেখে ধুবুৰীৰ নিউঘাট, আয়ৰন জংলাৰ সমীপৱৰ্তী বিভিন্ন ঠাইত নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। এই বিষয় সম্পৰ্কতো তদন্ত কৰি দোষীক উচিত শাস্তি বিহিবলৈ ৰাইজে দাবী জনাইছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES