ধুবুৰীত প্ৰথমজন ক’ভিড-১৯ত আক্ৰান্তৰ মৃত্যু

ধুবুৰী : ধুবুৰী জিলাৰ প্ৰথমজন ক’ভিড-১৯ত আক্ৰান্তৰ মৃত্যু। মহেন্দ্ৰ ৰায় (৮৫) নামৰ ব্যক্তিজনৰ ধুবুৰী অসামৰিক চিকিৎসালয়ত শনিবাৰে মাজনিশা মৃত্যু হয়। গৌৰীপুৰ থানাৰ অন্তৰ্গত থানাৰ দুমুৰদহ তৃতীয় খণ্ডত ঘৰ ব্যক্তিজনৰ।

আৰু পঢ়িব পাৰিব: বাংগালুৰুত হঠাৎ মৃত্য়ু স্বামীৰ, মৃতদেহ অসমলৈ অনাত সহায় বিচাৰিছে দুৰ্ভগীয়া পত্নীৰ

শনিবাৰে মাজনিশা মহেন্দ্ৰ ৰায় নামৰ ব্যক্তিজনে শাৰীৰিক ভাৱে অসুস্থ অনুভৱ কৰাত পৰিয়ালে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে ক’ভিড-১৯ পৰীক্ষাত ব্যক্তিজনৰ শৰীৰত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰে।

আৰু পঢ়িব পাৰিব: ৰাজ্যত আনলকৰ শেহতীয়া নিৰ্দেশনা: আজিৰেপৰা প্ৰযোজ্য এইসমূহ নতুন নিয়ম

চিকিৎসকে চিকিৎসা কৰি থকা অৱস্থাতে মহেন্দ্ৰ ৰায়ৰ মৃত্যু হয়। ইতিমধ্যে ধুবুৰী প্ৰশাসনে মৃত মহেন্দ্ৰ ৰায়ৰ মৃতদেহ দুমুৰদহ শ্মশানত সৎকাৰ কৰাৰ ব্যৱস্থা কৰিছে।

Show More

Related Articles

Back to top button