নগাঁৱত ঘৰুৱা শিক্ষকৰদ্বাৰা ধৰ্ষণৰ অপচেষ্টা, থানাত গোচৰ ৰুজু

নগাঁওঃ এইবাৰ নগাঁৱত ঘৰুৱা শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণৰ অপচেষ্টাৰ অভিযোগ। নগাঁৱৰ বেঙেনাআটিত সংঘটিত হৈছে এই ঘৃণনীয় ঘটনা।

আৰু পঢ়িব পাৰিব: স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটীৰ ট্ৰেফিক ব্যৱস্থাপনাৰ সালসলনি

উত্থাপিত অভিযোগ অনুসৰি অঞ্চলটোৰ এগৰাকী বিবাহিত মহিলাক তেওঁৰ পুত্ৰৰ ঘৰুৱা শিক্ষক মহম্মদ চুমিত ওৰফে ৰাজু নামৰ লোকজনে ঘৰত কোনো নথকাৰ সুযোগ লৈ অসৎ কামনা চৰিতাৰ্থ কৰাৰ চেষ্টা চলায়।

আৰু পঢ়িব পাৰিব: বৰলৰ আক্ৰমণত মৃত্যু হোৱা মহিলাক বেজ লগাই জীয়াই তোলাৰ চেষ্টা!

ইয়াৰোপৰি লগত তিনিজন যুৱকক লৈ আহি মহিলাগৰাকীৰ ঘৰৰপৰা দুই লাখ টকা লৈ উধাও হয় একেটা অঞ্চলৰে ঘৰুৱা শিক্ষকগৰাকী। ইতিমধ্যে এই সন্দৰ্ভত নগাঁৱৰ মৰিকলং আৰক্ষীচকীত লিখিত অভিযোগো দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES