নিগেটিভ : হাস্পতালৰ পৰা ঘৰলৈ উভতিল অভিষেক বচ্চন

নতুন দিল্লী : ক’ভিড সংক্ৰমণমুক্ত হ’ল অভিষেক বচ্চন। ২৯ দিন মুম্বাইৰ নানাৱতী হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পাছত আজি তেওঁ হাস্পতালৰ পৰা ঘৰলৈ উভতি যোৱাৰ কথা প্ৰকাশ কৰে।

আৰু পঢ়িব পাৰিব:দুৰ্ঘটনা নহয় হত্যাকাণ্ড! কেৰালাৰ বিমান দুৰ্ঘটনাক সুৰক্ষা বিশেষজ্ঞই কৰিলে এই অভিযোগ

৪৪বছৰীয়া অভিনেতাজনে আজি বিয়লি আইছ’লেচন ৱাৰ্ডৰ ভিতৰৰ পৰাই তেওঁৰ হেল্থ কেয়াৰ ব’ৰ্ডৰ ফটোৰ সৈতে তেওঁ আৰোগ্য হৈ উঠা বুলি প্ৰকাশ কৰে। তেওঁ লিখিছে, ‘আজি বিয়লি মই ক’ভিড-১৯ নিগেটিভ হিচাপে চিহ্নিত হৈছোঁ। মোৰ আৰোগ্য কামনা কৰা সকলোকে মই ধন্যবাদ জনাইছোঁ। ঘৰলৈ উভতি যাবলৈ পাই মই অত্যন্ত সুখী।’

আৰু পঢ়িব পাৰিব:ধুবুৰীত চাঞ্চল্য : দুৰ্বৃত্তই হানি-খুচি হত্যা কৰিলে এজনক

নানাৱতী হাস্পতালৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলৰ প্ৰতি কৃতজ্ঞতাও প্ৰকাশ কৰে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES