পুনৰ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

গুৱাহাটী : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াই ‘নিয়া’ৰ চাৰ্জশ্বিটত কি আছে সেই সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে৷ যোৱা ১২ডিচেম্বৰ পৰা কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিপণৰো দাবী জনাই সংবাদমেলত।

আৰু পঢ়িব পাৰিব: আই এন এক্স মিডিয়াৰ ধন আত্মসাতৰ গোচৰত পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰলৈ চাৰ্জশ্বিট

চাৰ্জশ্বিটত কেৱল অভিযোগহে আছে কোনো তথ্য-প্ৰমাণ নাই৷ এয়া এক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি সংগঠনৰ বিষয়ববীয়াই কোৱাৰ লগতে পুনৰ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই সাজু হৈ থাকিবলৈ কোৱাৰ লগতে তেওঁলোকৰ সতীৰ্থক মুক্তিৰ দাবীত এই আন্দোলন হ’ব বুলি মতপ্ৰকাশ কৰে৷

আৰু পঢ়িব পাৰিব: ‘নিসৰ্গ’ই আজি সংহাৰ চলাব আলিবাগ, মুম্বাই আৰু গুজৰাটত

লগতে ‘কা’বিৰোধী আন্দোলনো অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে৷ আনহাতে, ১৬৫ দিনত ৪০পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰে নিয়াই৷ চাৰ্জশ্বিটক মাওবাদীক আখ্যা দি, এয়া এক ষড়যন্ত্ৰমূলক গোচৰ প্ৰমাণ কৰিছে বুলি দাবী কৰে সংগঠনটোৰ নেতৃবৰ্গই৷ দুজন গোপন পৰিচয়বিহীন সাক্ষীৰ দ্বাৰা অখিলক মাওবাদী সজাব বিচাৰিছে বুলি লগতে অভিযোগ কৰে

আৰু পঢ়িব পাৰিব: বন্যহস্তীৰ তাণ্ডৱত বিধ্বস্ত বহু বাসগৃহ : বিছনাৰ তলত সোমাই কথমপি প্ৰাণৰক্ষা এটা পৰিয়ালৰ

৷ ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰে অখিল গগৈৰ মতাদৰ্শ সমৰ্থন কৰে বাবে তেওঁলোককো ‘নিয়া’ই মাওবাদী সজাইছে৷ ‘কা’বিৰোধী আন্দোলনক মাওবাদীৰ আন্দোলন বুলি কৈ অসমবাসীক ‘নিয়া’ই চূড়ান্ত অপমান কৰিছে বুলিও সংবাদমেলত কয়৷

Show More

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
Live Updates COVID-19 CASES
Close
Close