পূৰ্ব-পৰিকল্পিত আছিল দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষ : তাহিৰ হুছেইনৰ স্বীকাৰোক্তি

নতুন দিল্লী : সম্পূৰ্ণ পৰিকল্পিতভাৱে সূত্ৰপাত ঘটোৱা হৈছিল দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ। পৰিকল্পিতভাৱে চলিছিল হিংসাত্মক কাৰ্য। আম আদমী পাৰ্টীৰ বহিষ্কৃত নেতা তাহিৰ হুছেইনৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে ভালেমান চাঞ্চল্যকৰ তথ্য। এই সাম্প্ৰদায়িক সংঘৰ্ষত তেওঁৰ ভূমিকা থকাৰ কথা স্বীকাৰ কৰি বহিষ্কৃত আপ নেতাজনে স্বীকাৰ কৰিছে কিদৰে কেইবাদিনো পৰিকল্পনা কৰি তেওঁৰ নেতৃত্বতে উত্তৰ-পূব দিল্লীত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটোৱা হৈছিল।

আৰু পঢ়িব পাৰিব: পাঁচ নাবালিকাক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল ৬৫বছৰীয়া লোক

আই বিৰ বিষয়া অংকিত শৰ্মাৰ হত্যাত জড়িত থকাৰ অভিযোগতো তেওঁক অভিযুক্ত কৰিছিল আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ জেৰাৰ প্ৰতিবেদন অনুসৰি তাহিৰ হুছেইনে স্বীকাৰ কৰিছে যে, তেওঁৰ ঘৰৰ চাদৰ পৰাই ৰাস্তালৈ শিল দিলওৱা, পেট্ৰ’ল বোমা আৰু এচিডৰ বটল দলিওৱাৰ দৰে দুষ্কাৰ্ষ কৰা হৈছিল। ফেব্ৰুৱাৰী মাহত সংঘটিত হোৱা এই ৰক্তক্ষয়ী সংঘাতৰ পূৰ্বে তাহিৰ হুছেইনে তেওঁৰ একাংশ সহযোগীৰ সৈতে লগ লাগি পথত আন্দোলন কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছিল।

আৰু পঢ়িব পাৰিব: ছয় জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰিলে মোদী চৰকাৰে: অজিত কুমাৰ ভূঞা

তাহিৰ হুছেইনৰ সহযোগ কৰিছিল খালিদ ছাইফী আৰু ইছৰাত জাহান নামৰ লোক দুজনে। তাহিৰ হুছেইনে নিজেই আইনাৰ বটল, এচিড, শিল, পেট্ৰ’ল আদি সংগ্ৰহ কৰি নিজৰ ঘৰৰ চাদত জমা কৰিছিল। ‘২৪ ফেব্ৰুৱাৰীত আমাৰ পৰিকল্পনা অনুসৰি একাংশ লোকক মই মাতি আনো আৰু তেওঁলোকে কিদৰে শিল, পেট্ৰ’ল বোমা, এচিড নিক্ষেপ কৰিব লাগে সেয়া মোক দেখুৱাই দিয়ে। তাৰ পূৰ্বে মোৰ পৰিয়ালক মই আন ঠাইলৈ প্ৰেৰণ কৰিছিলোঁ। ২৪ ফেব্ৰুৱাৰীৰ দিনৰ ডেৰ বজাৰ পৰা আমি শিল, পেট্ৰ’ল বোমা, এচিড নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিলোঁ।’

আৰু পঢ়িব পাৰিব: বাঘজানসদৃশ দুৰ্ঘটনাৰ পৰা কথামপি ৰক্ষা পৰিল গেলেকী, আতংক অব্যাহত

আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা অনুসৰি তাহিৰ হুছেইনে এইকথা স্বীকাৰ কৰিছে। কেৱল এয়াই নহয়, ৮ জানুৱাৰীত তাহিৰ হুছেইনে শ্বাহীনবাগত জেএনইউৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদক লগ ধৰাৰ কথাও প্ৰকাশ কৰিছে। খালিদক তেওঁ পিএফআইৰ কাৰ্যালয়ত লগ ধৰিছিল। তাহিৰ হুছেইনৰ এই স্বীকাৰোক্তিয়ে দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ আঁৰত থকা গভীৰ ষড়যন্ত্ৰ প্ৰকট কৰি তুলিছে। ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ পূৰ্বে এনে এক হিংসাত্মক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা যুগুতাই তোলা হৈছিল বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES