প্লাজমা দানে বচাব পাৰে দুজন ব্যক্তিৰ জীৱন

গুৱাহাটী : গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ প্ৰেক্ষাগৃহত স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, পিয়ুষ হাজৰিকাৰ উপস্থিতিত অসম পুলিচৰ প্লাজমা দান শিবিৰ। অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা, এ ডি জি হৰমিত সিং৷ 

আৰু পঢ়িব পাৰিব: ইউটিৱাৰৰ অগ্ৰনী ভূমিকা: বানত সৰ্বস্ত্ৰ হেৰুৱা লোকক এমুঠি অন্নৰ যোগান

ইপিনে ৪৪ জন ক’ভিডত আৰোগ্য় আৰক্ষীয়ে প্লাজমা দিবলৈ যোগ্য বিবেচিত হৈছে৷ ‘এজন আৰক্ষীয়ে প্লাজমা দিলে দুজন লোকক জীৱন দিবলৈ সক্ষম হ’ব। এজনৰ কামৰ বাবে আন দুজন জীৱন ঘুৰাই পোৱাটো তাতকৈ ওপৰত’ বুলি হিমন্তই মত পোসন কৰে৷
বৰ্তমানলৈ অসমত ৫৮জন লোকে প্লাজমা দান কৰিছে। শেহতীয়াকৈ প্লাজমা দিয়া ২৭ জন লোক সুস্থ হৈছে।

আৰু পঢ়িব পাৰিব: চিৰাঙৰ নিজলা নৈয়ে ধাৰণ কৰিছে ভয়াবহক গৰাখহনীয়া

ইয়াৰ পূৰ্বে ২৭ জন লোকে প্লাজমা দিছিল তাৰ ভিতৰত ৭ জন লোকৰ মৃত্যু ঘটিছে। এতিয়াৰ পৰা গুৱাহাটী মেডিকেল কলেজত এজন মানুহৰ সামান্য জটিল অৱস্থালৈ গ’লেই প্লাজমা দিয়া আৰম্ভ কৰিছে। আনকি কলেজখনৰ অধীক্ষক অভিজিৎ শৰ্মাকো প্লাজমা দিয়ে সুস্থ কৰি তোলা হৈছে বুলি সদৰি কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে৷ 

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES
Close
Close